চিচিবৰগাঁৱত সম-জিলা আয়ুক্ত কাৰ্যালয় স্থাপনৰ দাবীত ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদঃ দাবী পূৰণ নহ’লে আন্দোলন দিছপুৰ-দিল্লীলৈ নিয়াৰ হুংকাৰ, সাংসদ-বিধায়কৰ বাসগৃহ ঘেৰাও কৰাৰো সকীয়নি

চিচিবৰগাঁৱত নৱগঠিত সম-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনৰ দাবীত মঙলবাৰে পুনৰ উত্তাল হৈ পৰে ধেমাজি জিলাৰ আয়ুক্ত কাৰ্যলয়ৰ সন্মুখ। হাজাৰ হাজাৰ ৰাইজে সমদল কৰি বিভিন্ন শ্লগানেৰে উত্তাল কৰি তোলে ধেমাজি সদৰৰ আকাশ বতাহ। উল্লেখযোগ্য যে,বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীক আওকাণ কৰাৰ অভিযোগ তুলি চিচিবৰগাঁও সমজিলা আয়ুক্ত কাৰ্যালয় দাবী সমিতিয়ে মঙলবাৰে ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে চিচিবৰগাঁৱতে সম-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনৰ দাবী উত্থাপন কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলায়। দাবী পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত ৰখাৰ লগতে প্ৰয়োজন সাপেক্ষে আন্দোলন দিছপুৰৰ পৰা দিল্লীলৈ সম্প্ৰসাৰিত কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। ইয়াৰ উপৰি পৰৱৰ্তী সময়ত সাংসদ আৰু বিধায়কৰ বাসগৃহ ঘেৰাও কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো সকীয়নি প্ৰদান কৰে।

উল্লেখ্য, যোৱা ২৮ ছেপ্টেম্বৰৰ পৰা চিচিবৰগাঁও সমজিলা আয়ুক্ত কাৰ্যালয় দাবী সমিতিয়ে চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অভিনৱ কাৰ্যসূচীৰে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল। ইতিমধ্যে এটা পষেক অতিক্ৰম কৰা এই আন্দোলনৰ জৰিয়তে সমিতিয়ে চিচিবৰগাঁৱত সম-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনৰ দাবী উত্থাপন কৰি আহিছে। তাৰ পিছতো ধেমাজি জিলাৰ আয়ুক্ত গৰাকীৰ গা নৰলাত ৰাইজ অতীষ্ঠ হৈ আজি ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি সমিতিয়ে চৰকাৰ আৰু জিলা প্ৰশাসনক বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ আহ্বান জনায় পৰিবেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয়। ইফালে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰুদ্ৰ, তপন আৰু কৃষ্ণই মত ব্যক্ত কৰি উল্লেখ কৰে যে চিচিবৰগাঁৱৰ নামেৰে সমষ্টি গঠন কৰা হৈছে আৰু চিচিবৰগাঁৱৰ নামেৰেই সম-জিলা গঠন কৰা হৈছে। গতিকে সম-জিলাৰ মুখ্য কাৰ্যালয়ো চিচিবৰগাঁৱৰ সদৰতে স্থাপন কৰিব লাগিব। অঞ্চলটোৰ ৰাইজৰ এই প্ৰাপ্য অধিকাৰ কোনো কাৰণতে খৰ্ব হ’বলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি তেওঁলোকে সাংসদ প্ৰদান বৰুৱাৰ কোনো ষড়যন্ত্ৰ ইয়াত সফল হ’বলৈ দিয়া নহ’ব বুলিও হুংকাৰ দিয়ে।লগতে প্ৰতিবাদকাৰীসকলে কয় যে সম-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ কেবিনেট সিদ্ধান্ত আৰু নিৰ্ধাৰিত নীতি-নিৰ্দেশনাক অগ্ৰাধিকাৰ দিব লাগিব। কোনো ব্যক্তি বা ৰাজনৈতিক নেতাৰ প্ৰভাৱত সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিৱৰ্তে অঞ্চলটোৰ ভৌগোলিক অৱস্থান, প্ৰশাসনিক গুৰুত্ব আৰু জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যালয় স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।

ৰাইজৰ কৰৰ ধনেৰে দৰমহা লাভ কৰা জিলা আয়ুক্তগৰাকীকো নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সচেতন হ’বলৈ সকীয়াই দি প্ৰতিবাদকাৰীসকলে কোনো সাংসদ বা বিধায়কৰ পুতলা হৈ কাম নকৰি ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায়। চৰকাৰৰ কেবিনেট সিদ্ধান্ত আৰু তাত উল্লেখ থকা নিৰ্দেশনা তথা গাইডলাইন অনুসৰি চিচিবৰগাঁও সদৰত সম-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনৰ ক্ষেত্ৰত জিলা প্ৰশাসনে গুৰুত্ব দিব লাগে বুলিও তেওঁলোকে দাবী জনায়। আনহাতে
দাবী সমিতিয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰত চিচিবৰগাঁও অঞ্চলটোৰ ঐতিহাসিক আৰু প্ৰশাসনিক গুৰুত্বৰ কথা উল্লেখ কৰিছে। সমিতিৰ মতে, ব্ৰিটিছ শাসনৰ সময়ৰে পৰা চিচিবৰগাঁও শিক্ষা, ডাক, সেনা আৰু আৰক্ষীকে ধৰি বিভিন্ন ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত। ১৯৬৭ চনত অঞ্চলটোত আৰক্ষী চকী স্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯৮১ চনত ৰাজহ চক্ৰ আৰু ১৯৯৪ চনত উন্নয়নখণ্ড হিচাপে চিচিবৰগাঁও গঠন কৰা হয়। বৰ্তমান অঞ্চলটোত ১৭খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভা আছে বুলিও স্মাৰক-পত্ৰখনত উল্লেখ কৰা হৈছে।এনে পৰিস্থিতিত অঞ্চলটোৰ ভৌগোলিক অৱস্থান, প্ৰশাসনিক গুৰুত্ব আৰু জনসাধাৰণৰ যাতায়াত তথা অন্যান্য সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম-জিলাৰ মুখ্য কাৰ্যালয় চিচিবৰগাঁৱত স্থাপন কৰাটো যুক্তিসংগত বুলি দাবী সমিতিয়ে মত প্ৰকাশ কৰিছে। সমিতিৰ অভিযোগ অনুসৰি, এই দাবী পূৰণৰ বাবে পূৰ্বৰে পৰা চৰকাৰ আৰু প্ৰশাসনৰ বিভিন্ন স্তৰত আবেদন-নিবেদন জনাই অহা হৈছে। অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰৰ মুখ্য সচিব, ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী, লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ, চিচিবৰগাঁও সমষ্টিৰ বিধায়ক, পূৰ্বৰ জোনাই সমষ্টিৰ বিধায়ক, ধেমাজি জিলাৰ আয়ুক্ত আৰু চিচিবৰগাঁও চক্ৰ বিষয়াক এই সন্দৰ্ভত লিখিতভাৱে অৱগত কৰা হৈছিল বুলি সমিতিয়ে দাবী কৰিছে।

কিন্তু ইমানৰ পিছতো কোনো নেতাৰ ষড়যন্ত্ৰৰ বাবে এই কাৰ্যালয় চিলাপথাৰত স্থাপন কৰিব বিচাৰি থকা বুলি জানি ৰাইজ ক্ষুব্ধ হৈ পৰা বুলি স্মাৰক-পত্ৰত উল্লেখ কৰে। সমিতিয়ে আৰু অভিযোগ কৰে যে ২০২৩ চনত অসম চৰকাৰে চিচিবৰগাঁৱক উপ-জিলা হিচাপে ঘোষণা কৰাৰ পিছত ঋতুপল্লৱ বৰুৱাক উপ-জিলাৰ আয়ুক্ত হিচাপে ঘোষণা কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত সমগ্ৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে। দাবী সমিতিৰ মতে, তদানীন্তন কেবিনেটৰ সিদ্ধান্ত অনুসৰি উপ-জিলাৰ মুখ্য কাৰ্যালয় সংশ্লিষ্ট সমষ্টিটোৰ কেন্দ্ৰস্থানত স্থাপন কৰাৰ কথা আছিল। সেই সিদ্ধান্তৰ আধাৰতে চিচিবৰগাঁৱত সম-জিলাৰ মুখ্য কাৰ্যালয় স্থাপন কৰিব লাগে বুলি সমিতিয়ে যুক্তি দাঙি ধৰিছে। ইয়াৰ বিপৰীতে চিচিবৰগাঁৱৰ পৰিৱৰ্তে চিলাপথাৰত সম-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনৰ প্ৰস্তুতি চলোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰি এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ ৰাইজে।উল্লেখযোগ্য যে এই দাবীক কেন্দ্ৰ কৰি ইয়াৰ পূৰ্বেও ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।স্মাৰক-পত্ৰত উল্লেখ কৰা অনুসৰি, ২০২৩ চনৰ ৩০ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ২০ জানুৱাৰীলৈকে ধেমাজি জিলাৰ বিভিন্ন দল-সংগঠন আৰু সমষ্টিবাসীয়ে চিচিবৰগাঁৱতে সম-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই সময়ত তদানীন্তন ধেমাজি জিলাৰ আয়ুক্তই আশ্বাস প্ৰদান কৰাৰ পিছত প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখা হৈছিল বুলি সমিতিয়ে জানিবলৈ দিয়ে। কিন্তু ইয়াৰ পিছতো বৰ্তমানৰ লৈকে চিচিবৰগাঁৱত সম জিলাৰ কাৰ্য্যালয় স্হাপনৰ প্ৰস্তুতি চলোৱাৰ বিপৰীতে চিলাপথাৰত কাৰ্যালয়ৰ প্ৰস্তুতি চলাব বিচৰা বুলি জানি পুনৰ আন্দোলনৰ পথ বাছি ল’বলগীয়া হৈছে বুলি দাবী সমিতিয়ে উল্লেখ কৰিছে।


আনহাতে, সম-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনৰ ক্ষেত্ৰত ভূমি আৰু আন্তঃগাঁথনিৰ অভাৱক বাধা হিচাপে গ্ৰহণ কৰিব নোৱাৰি বুলিও সমিতিয়ে স্পষ্ট কৰি দিছে। কাৰ্যালয় স্থাপনৰ বাবে প্ৰয়োজনীয় ভূমি আৰু অন্যান্য আন্তঃগাঁথনিগত সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজ চৰকাৰ আৰু প্ৰশাসনক সকলোধৰণৰ সহায়-সহযোগিতা কৰিবলৈ সাজু বুলি স্মাৰক-পত্ৰত উল্লেখ কৰা হৈছে। ৰাইজৰ উদ্যোগত চিচিবৰগাঁও অঞ্চলৰ বিভিন্ন সুবিধাজনক স্থানত থকা চৰকাৰী ভূমি পৰিদৰ্শন কৰা হৈছে। প্ৰয়োজন সাপেক্ষে চৰকাৰী গৃহ বা কাৰ্যালয় স্থাপনৰ বাবে ব্যক্তিগত ভূমিও চৰকাৰ-প্ৰশাসনক প্ৰদান কৰিবলৈ অঞ্চলটোৰ ৰাইজ ইচ্ছুক বুলি সমিতিয়ে জানিবলৈ দিছে।বিশেষকৈ চিচিবৰগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত অব্যৱহৃত অৱস্থাত থকা দুমহলীয়া ভৱন, পৰিদৰ্শন বাংলো আৰু নৱনিৰ্মিত আবাসিক ভৱনৰ কথা স্মাৰক-পত্ৰত উল্লেখ কৰা হৈছে। দাবী সমিতিৰ মতে, এই আন্তঃগাঁথনিসমূহ উপযুক্তভাৱে ব্যৱহাৰ কৰিলে অতি কম সময়ৰ ভিতৰতে চিচিবৰগাঁৱত সম-জিলাৰ মুখ্য কাৰ্যালয় স্থাপন কৰাটো সম্ভৱ হ’ব।


স্মাৰক-পত্ৰৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰি দাবী সমিতিয়ে বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী বিবেচনা কৰিবলৈ আহ্বান জনাইছে। অঞ্চলটোৰ ঐতিহাসিক গুৰুত্ব, প্ৰশাসনিক সুবিধা, জনসাধাৰণৰ যাতায়াতৰ সুবিধা আৰু উপলব্ধ আন্তঃগাঁথনিৰ প্ৰতি লক্ষ্য ৰাখি নৱগঠিত সম-জিলাৰ মুখ্য কাৰ্যালয় চিচিবৰগাঁৱতে স্থাপনৰ বাবে চৰকাৰে শীঘ্ৰে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি সমিতিয়ে দাবী জনাইছে।প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে যে দাবী পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত ৰখা হ’ব। প্ৰয়োজন সাপেক্ষে আন্দোলন দিছপুৰ আৰু দিল্লীলৈ সম্প্ৰসাৰিত কৰাৰ লগতে সাংসদ আৰু বিধায়কৰ বাসগৃহ ঘেৰাও কৰাৰ কাৰ্যসূচীও গ্ৰহণ কৰা হ’ব। এতিয়া বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ ৰাইজৰ এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি অসম চৰকাৰ আৰু জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

Related Articles