কিছুমান ইচ্ছ্যুত অখিল গগৈক মই ভাল পাওঁ, কিছুমান ইচ্ছ্যুত আছুক ভাল পাওঁ
কিছুমান ইচ্ছ্যু্ত তেওঁলোকে মোক ভাল পায় আৰু কিছুমান ইচ্ছ্যুত তেওঁলোকে মোক বেয়া পায়
অসমৰ পৰিস্থিতিটো চিজেপিয়ে বুজি নেপায় ৷ তেওঁলোকৰ যিটো দাবী অসমৰ ৰাইজৰ বিপক্ষে যোৱা দাবী ৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ সোমবাৰে বঙাইগাঁৱত সংহত জিলা আয়ুক্ত কাৰ্যালয়,বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আদি উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী গৰাকীক সাংবাদিকে শেহতীয়াকৈ চিজেপিক আছুই সমালোচনা কৰা বিষয়টোকলৈ প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে চিজেপিকতো মইও সমালোচনা কৰি আছো ৷
কেৱল আছুৰতো কিয় সোধে, মোকো সোধক ৷ তেওঁ কয় যে চিজেপিৰ লগত কাৰোই আদৰ্শ নিমিলে ৷ অসমৰ পৰিস্থিতিটো তেওঁলোকে বুজি নাপায় ৷ তেওঁলোকৰ যিটো দাবী সেইটো অসমৰ ৰাইজৰ বিপক্ষে যোৱা দাবী ৷ চিজেপিৰ অসমৰ সৈতে কোনো সম্পৰ্ক নাই ৷ আমাৰ ইয়াত ইতিমধ্যে বহু সংগঠন আছেই ৷ আছু আছে, এবছু আছে, মিচিং ছাত্ৰ সন্থা আছে, ৰাভা ছাত্ৰ সন্থা আছে, কোচ ৰাজবংশী আছে ৷ গতিকে অসমৰ সকলো ঠাইতে ইতিমধ্যে ছাত্ৰ সংগঠন আছেই ৷ আনহাতে বিধায়ক অখিল গগৈয়ে আছুৰে বিজেপিৰ সম্পৰ্ক থকা বুলি কৰা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আছুৰ লগত বিজেপিৰ সম্পৰ্ক নাই ৷ আছুই বিজেপিকো গালি পাৰে আৰু মইও আছুক গালি পাৰি থাকো ৷ কিন্তু ইচ্ছ্যু ভিত্তিক ৷ যেনেকে কিছুমান ইচ্ছ্যুত অখিল গগৈক মই ভাল পাওঁ, কিছুমান ইচ্ছ্যুত মই আছুক ভাল পাওঁ, কিছুমান ইচ্ছ্যু্ত তেওঁলোকে মোক ভাল পায় আৰু কিছুমান ইচ্ছ্যুত তেওঁলোকে মোক বেয়া পায় ৷ গতিকে সকলোৰে লগত সম্পূৰ্ণ মিলিব নোৱাৰে ৷ সকলোৰে লগত পুৰা কাজিয়াও হ’ব নোৱাৰে আৰু পুৰা মিলিবও নোৱাৰে ৷ আনহাতে অখিল গগৈৰ প্ৰতিবাদস্থলীত সোমবাৰে কংগ্ৰেছৰ বিধায়কৰ দল উপস্থিত হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ভাল কথা,তেওঁলোকে গৈছে ৷ অহা- যোৱা কৰি থাকিব লাগে ৷ কিন্তু তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে মই কোনো মন্তব্য দিব বিচৰা নাই ৷ কাৰণ তেওঁলোকৰ ক’ত কি কথা চলি থাকে বুজি পোৱা দিগদাৰ ৷ হয়তো কাইলৈ নিৰ্বাচন আছে কাৰণে তেওঁলোক গৈছে ৷ আকৌ পৰহি দিনাৰ পৰা নিজৰ ভিতৰতে আকৌ কাজিয়া কৰিব ৷ ইপিনে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে জনজাতিকৰণৰ বিষয়টো এটা দীঘলীয়া প্ৰক্ৰিয়া ৷ মন্ত্ৰীসভাৰ সমিতিৰ প্ৰতিবেদন আমি দিল্লীলৈ পঠিয়াই দিছো ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয় মুকলি হোৱাৰ বাবে কিছু সময় লাগিব বুলি কৈ পদৰ সৃষ্টি কৰা, বিজ্ঞাপন দিয়া, কি কি বিষয় থাকিব বিশেষজ্ঞ সমিতিয়ে চূড়ান্ত কৰি আছে বুলিও কয় ৷ তেওঁ কয় যে অসমত তিনিখন অভিযান্ত্ৰিক মহাবিদ্যালয় সাঁজু হৈ আছে ৷ কিন্তু কোনখন মহাবিদ্যালয়ত কি বিষয় দিয়া হ’ব তাৰ ওপৰত বিশেষজ্ঞ সমিতিয়ে কাম কৰি আছে ৷ বঙাইগাঁও জিলাৰ পৰ্যটনৰ বিকাশৰ ক্ষেত্ৰত সাংসদ ফণীভূষণ চৌধুৰীয়ে মুখ্যমন্ত্ৰী গৰাকীক পদক্ষেপ গ্ৰহণৰ বাবে সভাত জনোৱা আহ্বান সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁ ভালেই কৈছে ৷ জিলাখনত কয়া কুজিয়া যিখন বিল আছে অসমৰ ভিতৰতে এখন প্ৰাকৃতিক মনোৰম স্থান ৷ মই অহাবাৰ আহিলে তালৈ এবাৰ যাম ৷ এই বিলখনৰ সৌন্দৰ্য বৃদ্ধি কৰিলে পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ’ব বুলি মইও বিশ্বাস কৰোঁ ৷কাকৈজানাৰ সোণালী বান্দৰৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ যাৰ বাবে এতিয়া মৃত্যুৰ সংখ্যা কমি গৈছে ৷ সোণালী বান্দৰৰ ৰক্ষণা বেক্ষণৰ চেষ্টা ৰাইজ আৰু আমি সকলোৱে কৰি থাকিব লাগিব বুলিও কয় ৷ ইপিনে বসুন্ধৰা ৪.০ সন্দৰ্ভত কয় যে এই বছৰৰ শেষত মুকলি কৰা হ’ব ৷ কিন্তু তাৰপূৰ্বে আমি গাইডলাই কেনেকুৱা হ’ব লাগে, কি কি অসুবিধা আছে, আগৰ তিনিটাত আমি কি কি অসুবিধা পালো এই গোটেইবিলাক আলোচনা কৰি আমি বসুন্ধৰা ৪.০ ৰ গাইডলাই লৈ আহিম ৷ বঙাইগাঁৱৰ যানজঁটৰ সমস্যা সন্দৰ্ভত কয় যে পথ ডাঙৰ কৰিব লাগ ৷ মানুহে মাটি দিলে ক’বলগীয়া নাই ৷ লাহে লাহে সমাধান উলিয়াব লাগিব ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বঙাইগাঁও বিশ্ববিদ্যালয়ক আন্তঃ গাঁথনি উন্নয়নৰ বাবে এশ কোটি টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ সেইদৰে বঙাইগাঁৱত এশ ফুটতকৈও উচ্চ উচ্চতাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও কয় ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে সোমবাৰে বঙাইগাঁৱত উপস্থিত হৈ প্ৰথমে জেল্কাঝাৰত নিৰ্মাণ কৰি উলিওৱা নৱনিৰ্মিত সংহত জিলা আয়ুক্ত কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ তাৰপাছত উত্তৰ মাজগাঁৱত উপস্থিত হৈ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰখন উদ্বোধন কৰে আৰু এখন ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে ৷ এই সভাতে তেওঁ আভাসীয়ভাৱে কেইবাটাও প্ৰকল্প উদ্বোধন কৰে ৷ সভাৰ পিছত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ১৫ সংখ্যক চিকিৎসা মহাবিদ্যালয় হিচাপে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ে আত্মপ্ৰকাশ কৰিলে ৷ এই চিকিৎসা মহাবিদ্যালয়খনত এশ গৰাকী ছাত্ৰ- ছাত্ৰীয়ে অধ্যয়ণৰ সুবিধা পাব আৰু পৰ্যায়ক্ৰমে আমি ইয়াত সা- সুবিধাও বঢ়াই থাকিম, যাতে বঙাইগাঁও জিলাৰ ৰাইজে সম্পূৰ্ণ চিকিৎসা এই চিকিৎসা মহাবিদ্যালয়খনতে পাব পাৰে ৷ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ লগতে বঙাইগাঁৱৰ নতুন সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰো শুভ উদ্বোধন হ’ল ৷ লগতে অভয়াপুৰীৰ কছাৰীপাৰা খোৰাগাঁৱত আদৰ্শ আবাসিক বিদ্যালয়, তুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ আন্তঃ গাথঁনি উন্নয়ন, অভয়াপুৰীৰ শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰৰ আন্তঃ গাথঁনি উন্নয়ন আদিকে ধৰি কেইবাটাও ভাল কাম আমি আজি কৰিব পাৰিলো ৷

