চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১ সংখ্যক জন্মজয়ন্তী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে সীমান্ত মুখ্য কাৰ্যালয়, সশস্ত্ৰ সীমা বল, গুৱাহাটী আৰু প্ৰথম বাহিনী, এছ এছ বি, সোণাপুৰৰ যুটীয়া উদ্যোগত ‘ৰান ফৰ ইউনিটি’ আৰু মাৰাথনৰ আয়োজন

আজি ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১ সংখ্যক জন্মজয়ন্তী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শ্ৰী সুধীৰ বৰ্মা, মহাপৰিদৰ্শক, সীমান্ত মুখ্য কাৰ্যালয়, সশস্ত্ৰ সীমা বল, গুৱাহাটীৰ দক্ষ মাৰ্গদৰ্শনত সীমান্ত মুখ্য কাৰ্যালয়, সশস্ত্ৰ সীমা বল, গুৱাহাটী আৰু প্ৰথম বাহিনী, সশস্ত্ৰ সীমা বল, সোণাপুৰৰ যুটীয়া উদ্যোগত বাহিনী মুখ্য কাৰ্যালয়, সোণাপুৰত বিভিন্ন কাৰ্যসূচী অতি উলহ-মালহ আৰু উৎসাহেৰে পালন কৰা হয়।

এই উপলক্ষে মুখ্য অতিথি শ্ৰী ৰজনীশ লাম্বা, উপ মহাপৰিদৰ্শক (পৰিচালন), সীমান্ত মুখ্য কাৰ্যালয়, সশস্ত্ৰ সীমা বল, গুৱাহাটীয়ে সেউজীয়া পতাকা জোকাৰি ‘ৰান ফৰ ইউনিটি’ৰ শুভাৰম্ভ কৰে। ‘ৰান ফৰ ইউনিটি’ আৰম্ভ হোৱাৰ পূৰ্বে উপস্থিত সকলো বিষয়া আৰু জোৱানে ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত গ্ৰহণ কৰে। লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ অমূল্য অৱদানৰ বিষয়ে আলোকপাত কৰা হয়।

ইয়াৰ পিছতে ৫ কিলোমিটাৰ মাৰাথন দৌৰ (ৰান ফৰ ইউনিটি)ৰ আয়োজন কৰা হয়। এই দৌৰ প্ৰথম বাহিনীৰ মুখ্য কাৰ্যালয়, সোণাপুৰৰ পৰা আৰম্ভ হৈ সোণাপুৰ মহাবিদ্যালয়লৈ যায় আৰু তাৰ পৰা পুনৰ বাহিনী মুখ্য কাৰ্যালয়লৈ উভতি আহি সমাপ্ত হয়। এই কাৰ্যসূচীত শ্ৰী সুনীল কৌশিক, কমাণ্ডেণ্ট, প্ৰথম বাহিনী, সশস্ত্ৰ সীমা বল, সোণাপুৰ, সীমান্ত মুখ্য কাৰ্যালয়, গুৱাহাটীৰ লগতে প্ৰথম বাহিনীৰ বিষয়া, অধীনস্থ বিষয়া আৰু জোৱানসকলৰ উপৰি সোণাপুৰ অঞ্চলৰ যুৱক-যুৱতীসকলেও অতি উৎসাহেৰে অংশগ্ৰহণ কৰে।

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১ সংখ্যক জন্মজয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা, অখণ্ডতা আৰু পাৰস্পৰিক ভাতৃত্ববোধৰ মনোভাৱ অধিক শক্তিশালী কৰা তথা বাহিনীৰ কৰ্মী আৰু যুৱক-যুৱতীসকলৰ মাজত শাৰীৰিক সক্ষমতা আৰু সুস্থ জীৱনশৈলীৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। মাৰাথন দৌৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰি সন্মানিত কৰা হয়। কাৰ্যসূচীৰ সামৰণি উৎসাহ, উদ্দীপনা আৰু ক্ৰীড়াসুলভ মনোভাৱেৰে কৰা হয়।

Related Articles