ছিপাঝাৰ শিক্ষা খণ্ডৰ উদ্যোগত শণিবাৰে খটৰাত আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন

দৰং জিলাৰ ছিপাঝাৰ শিক্ষা খণ্ডৰ সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত আৰু খটৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদুমী চহৰীয়া তথা শিক্ষা সমল বিষয়া জয়ন্ত মেধিৰ পৰিচালনাত পালন হয় দিব্যাংগ দিৱস। ঐতিহাসিক খটৰাসত্ৰৰ সমিপৰ খটৰা প্ৰাথমিক বিদ্যালয়ত পালন কৰা আন্তৰ্জাতিক দিব্যাংগ দিৱস উপলক্ষে এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই ৷ আনহাতে প্ৰতিযোগিতামুলক ভাৱে বিভিন্ন খেল ধেমালি সাংস্কৃতিক অনুষ্ঠান আৰু বিশেষ ভাৱে সক্ষম শিশু সকলৰ মাজত মিউজিক চেয়াৰ, গীত মাত ,চিত্ৰাংকন, কবিতা আবৃত্তি আদি অনুষ্ঠিত কৰে ৷

কাৰ্যসূচীত উপস্থিত থাকে ছিপাঝাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গীতা দেৱী আৰু পৰিদৰ্শক লক্ষ্যধৰ শৰ্মা, খটৰাসত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত, প্ৰাক্তন সমন্বয়ক কৃতী শিক্ষক সত্য শ‌ইকীয়াৰ, লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা দিব্যাংগ শিশু সকল শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ব্যক্তিসকল ৷

নামখলাৰ পৰা দ্বীপেন ডেকাৰ প্ৰতিবেদন

Related Articles