ছোনিয়া গান্ধীলৈ আদালতৰ জাননী

কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীলৈ জাৰি কৰা হৈছে জাননী ৷ দিল্লীৰ ৰাউজ এভিনিউ আদালতে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক তেওঁৰ নাগৰিকত্বৰ দাবী পৰীক্ষা কৰাৰ পূৰ্বে তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সৈতে জড়িত এক গোচৰত জাননী জাৰি কৰিছে । ১৯৮০-৮১ চনৰ ভোটাৰ তালিকাত তেওঁৰ নাম ভুলকৈ অন্তৰ্ভুক্ত হোৱা বুলি দাবী কৰি এখন আবেদনৰ ভিত্তিত ৰাউজ এভিনিউ আদালতে কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীক জাননী জাৰি কৰে ।

ইয়াৰ উপৰিও আবেদনখনত ছোনিয়া গান্ধীৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ খাৰিজ কৰা দণ্ডাধীশৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছে । আদালতে এই বিষয়ত ৰাজ্য চৰকাৰক জাননী জাৰি কৰি সম্পূৰ্ণ কেছ ৰেকৰ্ড (TCR) চমন কৰিছে । ৬ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ নিৰ্দেশ দিয়ে বিশেষ ন্যায়াধীশ বিশাল গগনে । এই জাননীৰ প্ৰতি সঁহাৰি দিব লাগিব ছোনিয়া আৰু ৰাজ্য চৰকাৰে ।

এই আৱেদন দাখিল কৰিছে অধিবক্তা বিকাশ ত্ৰিপাঠীয়ে । ইয়াৰ পূৰ্বে ১১ ছেপ্টেম্বৰত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বৈভৱ চৌৰাছিয়াই আবেদন খাৰিজ কৰিছিল । আৱেদনখনত উল্লেখ আছে যে ১৯৮৩ চনত ভাৰতীয় নাগৰিক হোৱা বুলি, কিন্তু ইমানৰ পিছতো ১৯৮০ চনত ছোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাত সংযোজন কৰা হৈছিল ।

১৯৮২ চনত ভোটাৰ তালিকাৰ পৰা ছোনিয়াৰ নাম আঁতৰাই পিছত ১৯৮৩ চনত সংযোজন কৰা হয় । ১৯৮৩ চনত ছোনিয়া ভাৰতীয় নাগৰিক হৈ পৰে । আৱেদনখনত উল্লেখ আছে যে ১৯৮৩ চনৰ এপ্ৰিল মাহত ছোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল । যিহেতু ১৯৮৩ চনত ছোনিয়া গান্ধী ভাৰতীয় নাগৰিক হৈছিল, গতিকে ভোটাৰ তালিকাত যোগ হ’বলৈ কিছুমান প্ৰৱঞ্চনামূলক নথি দাখিল কৰা হ’ব লাগিব, যিটো এটা চিনাক্তকৰণযোগ্য অপৰাধ । এনেক্ষেত্ৰত আদালতে ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়নৰ নিৰ্দেশ দিব লাগে । এই বিষয়ত দণ্ডাধীশ আদালতে ছোনিয়া গান্ধী বা দিল্লী আৰক্ষী কোনো এজনকো জাননী জাৰি কৰা নাছিল ।

অভিযোগত উল্লেখ আছে যে ছোনিয়া গান্ধী মূলতঃ ইটালীৰ নাগৰিক । ১৯৮০ চনৰ জানুৱাৰী মাহত তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে ১৯৮৩ চনত নাগৰিকত্ব আইন, ১৯৫৫ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰে । এই অনিয়মৰ তদন্ত আৰু এই কথিত অবৈধ পঞ্জীয়নৰ বাবে সংশ্লিষ্ট বিষয়াক জগৰীয়া কৰিবলৈ আদালতক অনুৰোধ জনাইছে ।

Related Articles