জগন্নাথ ধামৰ দৌল মহোৎসৱত পৰিবহণ বিভাগৰ পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী অনুষ্ঠান

সোণাপুৰৰ মিটনী গাৱত অৱস্থিত জগন্নাথ ধামৰ দৌল মহোৎসৱ আৰু ঘুনুচা যাত্ৰাত বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত এক ব্যতিক্ৰমী পথ সুৰক্ষা সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়। দৌল মহোৎসৱৰ লগত সঙ্গতি ৰাখি সজাগতা অনুষ্ঠানটোত ভগৱান শ্ৰীকৃষ্ণ আৰু ঘুনুচাই ৰং-ৰহইছেৰে মঞ্চত প্ৰৱেশ কৰি উপস্থিত কেইবা সহস্ৰাধিক লোকক উদ্দেশ্যি সমাজত পথ-সুৰক্ষা সজাগতা গঢ়ি তোলাৰ আহ্বান জনায়। উল্লেখ্য যে, তিৱা ৰজা আৰিমত্তই ১৩৬৫ খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা কৰা জগন্নাথ ধামখনৰ ৬৬১সংখ্যক দৌল মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে ৷

এই উপলক্ষে পৰিবহণ বিষয়াগৰাকীৰ তত্বাৱধানত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত পথ-সুৰক্ষা সজাগতাৰ আহ্বানেৰে কেইবাটাও ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰা হয়। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰি জ্যেষ্ঠ পৰিবহণ বিষয়াগৰাকীয়ে বৃহত্তৰ অঞ্চলটোৰ সামাজিক-সাংস্কৃতিক তথা আধ্যাত্মিক দিশত জগন্নাথ ধামখনৰ মাহাত্ম্য আৰু ঐতিহ্য সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ইফালে তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে বৃহত্তৰ অঞ্চলবাসীক অনবৰতে পথ সুৰক্ষা সজাগতা মানি চলাৰ আহ্বান জনায়।

তেওঁ কয় যে, বৰ্তমান সময়ত আমাৰ বাবে পথ সুৰক্ষাৰ অৰ্থ মাথোঁ কেইটামান চৰকাৰী নিয়ম নহয়, ই জীৱন ৰক্ষাৰ এক মন্ত্ৰ। বহুতে গাড়ীখনত ভগৱানৰ ফটো লগাই ভাবে যে তেওঁ সুৰক্ষিত। হয়, ভগৱানে সকলোকে ভাল বুদ্ধি দিছে ৷ কিন্তু সেই বুদ্ধি ব্যৱহাৰ কৰি হেলমেট আৰু চিটবেল্ট ব্যৱহাৰ কৰক। মনত ৰাখিব, যমৰাজৰ কোনো ট্ৰেফিক চিগনেল নাই। সুৰাপান কৰি গাড়ী চলোৱা মানেই হ’ল নিজৰ লগতে আন এজন নিৰ্দোষী ব্যক্তিক বিপদৰ মুখলৈ ঠেলি দিয়া। শ্ৰীকৃষ্ণই সাৰথি হৈ অৰ্জুনক সঠিক দিশ দেখুৱাইছিল।

আমিও প্ৰত্যেকেই নিজৰ পৰিয়ালৰ সাৰথি হৈ ধৈৰ্য্যৰে গাড়ী চলাব লাগিব। মনত ৰাখিব লাগিব যে ৫ মিনিট দেৰি হোৱাটো জীৱনটো হেৰুওৱাতকৈ বহুত ভাল ৷ সেয়ে পথত নিজৰ লগতে আনৰ সুৰক্ষাৰ কথা ভাবি বাহন চালনাৰ নীতি নিয়ম মানি চলাৰ বাব তেওঁ আহ্বান জনায়। ইফালে পৰিবহণ বিষয়াগৰাকীৰ বক্তব্যৰ মাজতে গায়ক গোপেশ চৌধুৰী আৰু শিশু-শিল্পী অনুৰাগ কলিতাই পথ সুৰক্ষা গীতৰ লগতে হোলী গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে। সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণীত বন্তি প্ৰজ্বলন কৰে নিপডে গ্ৰূপ অৱ এডুকেছনৰ অধ্যক্ষ ড° প্ৰশান্ত বুঢ়াগোহাঁয়ে ।

Related Articles