জানুৱাৰীত ‘ৰৈ ৰৈ বিনালে’ চাব মুখ্যমন্ত্ৰীয়ে…

জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ চালে নে নাই বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়, “ৰৈ ৰৈ বিনালে চাম মই সময়ত । জুবিনক সাগৰত যাব বাধা দিছিল ডাক্টৰে । মই শুনিছোঁ সেই চিনেমাখন সাগৰক লৈ সেই কাৰণে মই যোৱা নাই । মই যাম জানুৱাৰীত । জীৱিতকালত জুবিন গাৰ্গক ডাক্টৰে বাধা দিছিল সাগৰত নাযাব । সেইখন চিনেমা চালেই মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব সাগৰত কেনেকৈ জুবিন গ’ল । সেইকাৰণে মই শেষত এদিন ভালকৈ চাম । আগতে মই কোৱা নাছিলোঁ চিনেমাখন ভালকৈ চলক বুলি কিন্তু চিনেমাখনৰ দৃশ্যপট দেখিলে সাগৰত শ্বুটিং হৈছিলে ।”

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “নেমকেয়াৰ হাস্পতালত জুবিনক কোৱা হৈছিল সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰিব । কেনেকৈ জুবিন সাগৰত গ’ল ? সেইদিনা ছবিখনৰ প্ৰযোজক মোৰ তাত আহোঁতে সুধিছিলো শ্ৰীলংকাত আপোনালোকে কেনেকৈ সাগৰত জুবিনক লৈ গ’ল । জুবিনৰ চিনেমা চোৱা নাই বাবে প’ষ্ট মেলন চাব নাই যোৱা । কিন্তু এই কথাখিনি মোৰ মনত কুটকুটাই থাকে । মই নকওঁ বুলি ভাবো কিন্তু মনত কুটকুটাই আছিল বাবে ওলাই গ’ল । জুবিনৰ মৃত্যুৰ তদন্ত পিছত আৰু এটা তদন্ত হ’ব অৱহেলাৰ ওপৰত । ডাক্টৰে লিখিতভাৱে বাধা দিয়াৰ পিছত কেনেকৈ চিনেমাখনৰ শ্বুটিং পানীত হৈছিল । জুবিনৰ জীৱনক লৈ বহু দিন আগৰ পৰা বহুতে হেতালি খেলি আছিল । সেইকাৰণে ক’ৰবাত ক’ৰবাত মই নাযাওঁ তেতিয়া বুজি পাব তাত কিবা কাৰণ আছে । সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকো । মই চিনেমাখন চোৱা নোচোৱাক লৈ ছবিখনৰ জনপ্ৰিয়তা কম বেছি নহয় । প্ৰথম দিনা গ’লে এই কথাটো মই প্ৰথম দিনাই সুধিলোহেঁতেন । তেতিয়া চিনেমাখনক লৈ বিতৰ্ক হ’লেহেঁতেন । এতিয়া ক’লেও আপত্তি নাই কাৰণ চিনেমাখন প্ৰায় চোৱা হৈ গ’ল ।”

Related Articles