জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg

zubeen garg । জুবিন ক্ষেত্ৰ নিৰ্মাণ কাৰ্য ত্বৰান্বিত কৰাৰ লক্ষ্যৰে সমিতিৰ পৰিদৰ্শন, অগ্ৰগতিৰ বুজ ল’লে বিষয়ববীয়া

সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত আজি চৰকাৰৰ অনুমোদিত জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়াসকলে উপস্থিত হৈ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে। সমিতিৰ সদস্য প্ৰাঞ্জল শইকীয়া, বিৰেণ সিংহ, সুদৰ্শন ঠাকুৰ, অনুৰাধা শৰ্মা পূজাৰী, পুলক বেনাৰ্জী আদি কেইবাগৰাকীও সদস্যই ক্ষেত্ৰখন পৰিদৰ্শন কৰি চলি থকা কামসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰে।

ইয়াৰ উপৰিও লোক নিৰ্মাণ বিভাগৰ অভিযন্তা-বিষয়াসকলৰ সৈতে আলোচনা অনুষ্ঠিত কৰি নিৰ্মাণ কাৰ্যৰ বৰ্তমান অৱস্থা আৰু আগন্তুক পৰিকল্পনাৰ বিষয়ে বিস্তৃতভাৱে মত-বিনিময় কৰা হয়। সমিতিৰ বিষয়ববীয়াসকলে কামসমূহ শীঘ্ৰে আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

উল্লেখ্য যে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনে উপহাৰ হিচাপে ৰাখি থোৱা স্থান আৰু চাকি জ্বলোৱা স্থাপনাত অস্থায়ী টিনৰ চালি নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে আজি পুৱাৰে পৰা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতি অধিক তৎপৰ হৈ উঠিছে।

সমিতিৰ এই তৎপৰতাই জুবিন ক্ষেত্ৰৰ উন্নয়ন কাৰ্য ত্বৰান্বিত হোৱাৰ আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Related Articles