জুবিনৰ গীতক লৈ গীতিকাৰ, সুৰকাৰ,অসম সৌৰভ বঁটা প্ৰাপক হেমন্ত দত্তৰ পৰিয়ালৰ সংবাদমেল

জুবিন গাৰ্গৰ কণ্ঠত প্ৰয়াত হেমন্ত দত্তৰ ৰচিত গীত সমুহ বিভিন্ন সামাজিক মাধ্যমত বেলেগ ব্যক্তিৰ নামত সন্নিৱিষ্ট কৰাত ক্ষোভ প্ৰকাশ হেমন্ত দত্তৰ পত্নী জোস্না দত্তৰ লগতে পৰিয়ালৰ
হেমন্ত দত্তৰ সৃষ্ট গীতক লৈ সংবাদমেল আয়োজন পৰিয়ালৰ।
প্ৰয়াত গীতিকাৰ হেমন্ত দত্তই জীৱিত কালত বহুতো জনপ্ৰিয় গীত লিখিছিল।
তাৰে ভিতৰত নহলে পৰিচয় হিয়াৰে, নায়ক হব খুজি, কিনো সুৰীয়া মাতেৰে, মতলীয়া বতাহ কে ধৰি প্ৰায় অৰ্ধশতাধিক গীত জুবিন গাৰ্গৰ কণ্ঠত নিগৰিছিল।


কিন্তু ইয়াৰে অধিক সংখ্যক গীতৰ ৰচক হিচাবে বৰ্তমান সময়ত গীতিকাৰ হেমন্ত দত্তৰ নামটো ফেচবুক, ইউটিউব আদি সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত উঠাই দি তেখেতৰ নামৰ পৰিবৰ্তে বেলেগৰ নাম সন্নিৱিষ্ট হৈ আছে।
এই লৈ হেমন্ত দত্তৰ পৰিয়ালে ক্ষোভ প্ৰকাশ কৰি পৰবৰ্তী সময়ত যি সমূহ গীতত গীতিকাৰ হেমন্ত দত্তৰ নামৰ সলনি আন ব্যক্তিৰ নাম সন্নিৱিষ্ট হৈ আছে সেই সমুহ উঠাই ল’বলৈ অনুৰোধ জনায়।
আনহাতে গীত সমূহ আনৰ নামত দেখুৱাই বিকৃত কৰিব বুলিও সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোক।
ইয়াৰ ওপৰিও হেমন্ত দত্তৰ গীত সমগ্ৰ নামৰ গ্ৰন্থ খনত সকলো গীত পাব বুলিও জানিব দিয়ে পৰিয়ালৰ লোকে।

Related Articles