
মুনিন্দ্ৰ, হেমচন্দ্ৰ, চন্দন, ৰজনীহঁত আছিল জুবিনৰ ল’ৰালিৰ বন্ধু। ৰজনী দুখীয়া ঘৰৰ অতি মেধাৱী ল’ৰা।
ৰজনীহঁতৰ ঘৰৰ লগত জুবিনৰ খোৱা-লোৱা,উঠা-বহা । মাক দেউতাকৰ মৰম চেনেহে কণমানি জুবিনক বৰকৈ আপ্লুত কৰিছিল । এটা সময়ত জুবিনে মেট্ৰিক পাছ কৰি কলেজত পঢ়িবলৈ বাহিৰলৈ গ’ল । ৰজনীয়েও পলিটেকনিক পঢ়িবলৈ গুৱাহাটীলৈ আহিল ।
কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত অন্তিম বছৰতে ৰজনী ৰাজবংশী নামৰ মেধাৱী ল’ৰাজনে পলিটেকনিকৰ কোঠাতেই সন্দেহজনকভাৱে মৃত্যুক আঁকোৱালি ল’ব লগা হয় ।
এসময়ত ৰজনীৰ স্মৃতিও তামুলপুৰবাসীৰ মনৰ পৰা লাহে লাহে হেৰাই যোৱাৰ উপক্ৰম হ’ল ।
কিন্তু জুবিন গাৰ্গ নামৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীজনে সেয়া হ’বলৈ নিদিলে। ৰজনীৰ মাকৰ আধা শুকুৱা ঘাঁ টুকুৰা বহু বছৰৰ মূৰত আকৌ খজুৱাই বহলাই দিলে জুবিনে।
কথাটো এনেধৰণৰ –

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গ ।উল্লেখ্য যে, উক্ত অনুষ্ঠানত গীত পৰিৱেশনৰ বাবদ জুবিনে এটকাও মাননি লোৱা নাছিল। এয়া তেওঁ পঢ়ি যোৱা স্কুল খনৰ প্ৰতি অকৃত্ৰিম ভালপোৱাৰ নিদৰ্শন। সেই দিনটোতে তেওঁ শৈশৱৰ স্মৃতি ৰোমন্থন কৰি অতীতৰ বন্ধুবোৰ বিচাৰি ঘৰে ঘৰে গ’ল । ক’বলৈ গ’লে এক প্ৰকাৰৰ মহামিলনৰ থলী হৈ পৰিল। সেই সন্ধিয়াতে প্ৰতিকূল পথ অতিক্ৰম কৰি ৰজনীৰ পৰিয়ালক লগ কৰাৰ বাবে দক্ষিণ পুনিয়া গাঁৱত হাজিৰ হ’ল জুবিন ।অইনৰ ঘৰে ঘৰে কাম কৰি জীৱিকা নিৰ্বাহ কৰা ৰজনীৰ মাকক সেৱা কৰি তেতিয়াৰ পৰা সেইকামটো বন্ধ কৰিবলৈ দিলে। ৰজনীৰ ভায়েকক চাহ দোকানত কাম কৰাতো বন্ধ কৰি নিজে লৈ যোৱাৰ সিদ্ধান্ত ল’লে। মুঠৰোপৰত ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব জুবিনে নিজে মূৰ পাতি ল’লে।
ৰজনীৰ পৰিৱৰ্তে জুবিনকে পুত্ৰ হিচাপে ল’বলৈ ৰজনীৰ মাকক অনুৰোধ জনালে।”…এয়াই জুবিন গাৰ্গ নামৰ মহান শিল্পীগৰাকীৰ মহানুভৱতা । যাৰ বুকুত ঠাই পায় হাজাৰ মানুহৰ সুখ দুখ আৰু সপোন। আৰ্তজনৰ কান্দোন অসহ্যকৰ জুবিনৰ বাবে।

