জুবিন ক্ষেত্ৰত স্বাস্থ্যসম্মত শৌচাগাৰৰ অভাৱত বিপদত অনুৰাগী, প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ

অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ সৈতে জড়িত জুবিন ক্ষেত্ৰত মৌলিক সুবিধাৰ অভাৱত উত্থাপিত হৈছে এক গুৰুত্বপূৰ্ণ সমস্যা। ক্ষেত্ৰখনত স্বাস্থ্যসম্মত প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ সুব্যৱস্থা নথকাত অনুৰাগীসকল নিতৌ অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে।

প্ৰায় ছমাহ পাৰ হৈ যোৱাৰ পাছতো জুবিন ক্ষেত্ৰত এখন উপযুক্ত আৰু স্বাস্থ্যসম্মত প্ৰস্ৰাৱগাৰ গঢ় লৈ নুঠিল। ইফালে প্ৰতিদিনে হাজাৰ হাজাৰ অনুৰাগীয়ে এই স্থানত সমাগম কৰে যদিও তেওঁলোকৰ বাবে প্ৰয়োজনীয় মৌলিক সুবিধা প্ৰদানৰ ক্ষেত্ৰত প্ৰশাসনে গুৰুত্ব নিদিয়া বুলি অভিযোগ উঠিছে।

বৰ্তমান যি এটা প্লাষ্টিকৰ অস্থায়ী শৌচাগাৰ আছে, সেয়াও অস্বাস্থ্যকৰ পৰিৱেশত জৰাজীৰ্ণ অৱস্থাত পৰি আছে। ফলত অনুৰাগীসকলে শৌচ-প্ৰস্ৰাৱৰ দৰে প্ৰাথমিক প্ৰয়োজন পূৰণত গুৰুতৰ সমস্যাৰ সন্মুখীন হ’বলগা হৈছে।

স্থানীয় ৰাইজৰ মতে, জুবিন ক্ষেত্ৰত আগতে গ্ৰহণ কৰিবলগীয়া মুখ্য পদক্ষেপ আছিল পৰ্যাপ্ত আৰু স্বাস্থ্যসম্মত শৌচাগাৰৰ ব্যৱস্থা কৰা। কিন্তু তাৰ বিপৰীতে ক্ষেত্ৰখনত কেৱল তিৰ্পাল গুচাই টিনপাত সংযোজন কৰাৰ দৰে কামত সীমাবদ্ধ থকাটো প্ৰশাসনৰ দায়িত্ববোধৰ অভাৱকেই সূচাইছে।

এই পৰিস্থিতিত জুবিন অনুৰাগীসকলে প্ৰশাসন আৰু চৰকাৰৰ ওচৰত জোৰ দাবী জনাইছে যাতে অতি শীঘ্ৰে জুবিন ক্ষেত্ৰত স্বাস্থ্যসম্মত শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা গ্ৰহণ কৰা হয়। তেওঁলোকে কয় যে এনে এক জনপ্ৰিয় স্থানত এইধৰণৰ প্ৰাথমিক সুবিধাৰ অভাৱ অগ্ৰহণযোগ্য আৰু দুখজনক।

Related Articles