জুবিন বিহীন এমাহ পাৰ হৈ গল। এনে সময়তে আজি জুবিন গাৰ্গৰ অৰ্ধাংগিনী গৰিমা শইকীয়া গাৰ্গৰ জন্ম দিন। মঙলবাৰে গৰিমা শইকীয়া গাৰ্গে তেওঁৰ জন্মদিন উপলক্ষে প্ৰয়াত স্বামী সংগীত জগতৰ কিংবদন্তি জুবিন গাৰ্গক গভীৰ আবেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গৰিমা গাৰ্গ শইকীয়াই পুৱাই ফেচবুকত তাহানিৰ সুখৰ দিনৰ দুখন মৰমেৰে জীপাল ফটো শ্বেয়াৰ কৰে। , য’ত মাত্ৰ এটা শব্দেৰে কেপচন দিয়া হৈছে — “গোল্ডি”।

যোৱা এমাহ ধৰি গৰিমাই জুবিনৰ ন্যায়ৰ বাবে চলি থকা দাবীৰ ক্ষেত্ৰত আগৰণুৱা হৈ আছে। তেওঁ ৰাজহুৱা আৰু অনলাইন উভয় ক্ষেত্ৰতে নিজৰ দুখ আৰু দৃঢ়তাৰ কথা প্ৰকাশ কৰিছে। সোণাপুৰত সমাৱেশক সম্বোধন কৰাৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়াত আন্তৰিক আবেদন পোষ্ট কৰালৈকে তেওঁ স্বামীৰ মৃত্যুক লৈ সত্য আৰু জবাবদিহিতা বিচৰাত একত্ৰিত হৈ থিয় দিবলৈ সকলোকে আহ্বান জনাইছে। ইপিনে হাজাৰ হাজাৰ অনুৰাগী আৰু শুভাকাংক্ষীয়ে গৰিমালৈ জন্মদিনৰ শুভেচ্ছা জনাইছে। বহুতে তেওঁক শক্তি আৰু কৃপাৰ প্ৰতীক বুলিও অভিহিত কৰিছে।

