জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধত উপস্থিত থাকি বিদেহ আত্মাৰ সদ্গতি কামনাৰে শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধৰ দিনা গুৱাহাটীৰ বাসগৃহত উপস্থিত হৈ প্ৰতিচ্ছবিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। লগতে জুবিনৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক দেখা কৰি দুখৰ সমভাগী হৈ গভীৰ সমবেদনা জনায় সোণোৱালে।

“জুবিন আমাৰ মাজৰপৰা কায়িকভাৱে আঁতৰি গ’লেও জুবিনৰ অমৰ সৃষ্টিৰাজি জীয়াই থাকিব অসমবাসীৰ হৃদয়ৰ গভীৰতাত। জুবিনৰ সাংস্কৃতিক জীৱন পৰিক্ৰমা অগণন জনতাৰ বাবে অনুপ্ৰেৰণা আৰু সাহসৰ উৎস হৈ ৰ’ব।”, সোণোৱালে আজি উল্লেখ কৰে ।

Related Articles