জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰা বুদ্ধিজীৱী, দল-সংগঠনক ধুৰন্ধৰ আখ্যা খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ

জুবিন গাৰ্গক লৈ একাংশ বুদ্ধিজীৱী আৰু দল-সংগঠনে ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে জুবিনৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰে৷ জুবিন গাৰ্গৰ নামত কৰা ৰাজনীতি কৰা বুদ্ধিজীৱী আৰু দল-সংগঠনক ধুৰন্ধৰ আখ্যা জুবিনৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ৷ অসমৰ এখন অগ্ৰণী বাতৰি কাকতত আজি নিজৰ মনৰ ভাৱ ব্যক্ত কৰে জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰে৷

বাতৰি কাকতত প্ৰকাশিত প্ৰৱন্ধত তেওঁ কয় যে, ‘‘জুবিনে যি সময়ত খীণ-মীন ভাগৰুৱা দেহাটিৰেই প্ৰাণে-মনে ভালপোৱা অসমখনক বিশ্ব সংস্কৃতিৰ বৰঘৰলৈ আগুৱাই নিবলৈ নিশা নোশোৱাকৈ অহোপুৰুষাৰ্থ কৰিছিল, হাজাৰ হাজাৰ গান গাই, লিখি, সুৰ সংযোজন কৰি বিশ্ববাসীক অবাক কৰিছিল, সেই সময়ত এই বুদ্ধিজীৱীগণে জুবিনৰ দুৰ্নাম ৰতিছিল৷ আজি তেওঁলোকে জুবিনক ন্যায় দিব লাগে বুলি চিঞৰিছে, ৰাজনৈতিক মঞ্চখনত জুবিনৰ ফটো লগাই চাকি-বন্তি দিছে যাতে তেওঁলোকৰ বা তেওঁলোকে সমৰ্থন কৰা ৰাজনৈতিক দলটো ক্ষমতালৈ আহে৷’’ জুবিনৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ অভিযোগ, জুবিন জীৱিত অৱস্থাত যিসকল বুদ্ধিজীৱীয়ে তেওঁক তুচ্ছ-তাচ্ছিল্য কৰিছিল, আজিৰ দিনত সেইসকলেই জুবিনৰ নাম ব্যৱহাৰ কৰি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ চেষ্টা কৰিছে৷

তেওঁ এই ধৰণৰ লোকক ধুৰন্ধৰ বুলি আখ্যা দিছে৷ আনহাতে, মনোজ কুমাৰ বৰঠাকুৰে কয়, জুবিনে নিজৰ অসুস্থ দেহেৰেও অসমৰ সংস্কৃতিক বিশ্বমঞ্চত লৈ যোৱাৰ বাবে অহৰহ পৰিশ্ৰম কৰিছিল৷ কিন্তু সেই সময়ত এইসকল লোক তেওঁৰ সমৰ্থনত আগবাঢ়ি অহা দেখা নগ’ল৷ বৰ্তমান তেওঁৰ মৃত্যুৰ পাছত হঠাতে সক্ৰিয় হৈ ন্যায় বিচাৰৰ দাবী তুলিছে৷ তেওঁ আৰু কয় যে, এই ধৰণৰ কাৰ্যকলাপৰ আঁৰত নিৰ্বাচনী স্বাৰ্থ জড়িত থাকিব পাৰে৷ লগতে কিছুমানে জুবিনৰ নাম ব্যৱহাৰ কৰি ব্যক্তিগত লাভ লোৱাৰো চেষ্টা কৰিছে৷

Related Articles