কংগ্ৰেছ প্ৰচাৰ বিভাগৰ দায়িত্বত থকা “Inclusive Mind” দলৰ আলোচনাৰ কিয়দংশ ফাদিল
পুনৰ অসমৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গক কেন্দ্ৰ কৰি ৰাজনৈতিক কৌশল প্ৰস্তুতৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছৰ বিৰুদ্ধে। গোপন সূত্ৰ অনুসৰি, যোৱা ১৬ মাৰ্চৰ নিশা ৯ বাজি ৪৫ মিনিটত গুৱাহাটী GS ৰোডস্থিত ষ্টাৰবাকচত অনুষ্ঠিত হোৱা এক গোপন বৈঠকৰ কিছু ভিডিঅ’ ক্লিপ ভাইৰেল হোৱা বুলি অভিযোগ উঠিছে। এই বৈঠকত কংগ্ৰেছৰ সৈতে জড়িত প্ৰচাৰ কৌশল কাৰী গোট “Inclusive Mind”ৰ সদস্যসকলে অংশগ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, বৈঠকখনত আগন্তুক নিৰ্বাচনৰ পূৰ্বে কেনেদৰে কিছুমান সংবেদনশীল বিষয় ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে আলোচনা হৈছিল। বিশেষকৈ অসমৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ বিষয়টো “মচলা” লগাই ৰাজনৈতিক সুবিধা ল’বলৈ ব্যৱহাৰ কৰাৰ কথা উল্লেখ হোৱা বুলি দাবী কৰা হৈছে। ফাদিল হোৱা ভিডিঅ’ ক্লিপত কিছুমান বাক্য শুনা পোৱা যায় – “হিমন্তই কেনেকৈ গম পালে?”, “জুবিনৰ বিষয়টো মচলা মাৰিব লাগিব”, “জুবিন আমাৰ মতে মিলাই বনাব পাৰোঁ”,” বেষ্ট ফ্ৰেণ্ডে এনেকৈ কয়, পত্নীয়ে এনেকৈ কয়, এই সকলোবোৰ বস্তু ল’ব লাগিব” ইত্যাদি। এই আলোচনাৰ জৰিয়তে, বিষয়টো ৰাজনৈতিকভাৱে প্ৰস্তুত কৰি বিজেপিৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ চেষ্টা কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰা হৈছে। অভিযোগ অনুসৰি, আছাম ইউনিটি, অসম ৰিয়েলিটি, আছাম ব্ৰেকিং, এংগ্ৰী আছাম, আছাম আনকাট আদি ফেচবুক পেজৰ লগতে বহু কেইটা ফেচবুক নিউজ পৰ্টেলত কংগ্ৰেছৰ প্ৰচাৰৰ বাবে পৰিচালনা কৰি আহিছে “Inclusive Mind”য়ে।
এই পেজসমূহৰ লগতে বহুকেইটা নামী-বেনামী নিউজ পৰ্টেল আৰু ইনফ্লুৱেন্সাৰ পেজৰ পৰা ধনৰ বিনিময়ত জুবিন বিষয়টোক নিৰ্বাচনলৈকে কেনেদৰে ব্যৱহাৰ কৰি কংগ্ৰেছৰ বাবে সুবিধাজনক স্থিতি সৃষ্টি কৰিব পৰা যায়, সেই বিষয়োক লৈ তেওঁলোকে আলোচনা কৰি আছিল। উল্লেখযোগ্য যে উক্ত পৰ্টেলসমূহৰ বহুকেইটা পৰ্টেল মধ্যপ্ৰদেশৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছে ব্যৱহাৰ কৰিছিল আৰু নাম সলনি কৰি বৰ্তমান পেইড বুষ্টিঙৰ জৰিয়তে কংগ্ৰেছ প্ৰপাগেণ্ডা এই পেজকেইটাৰ পৰা চলাই থকা হৈছে। লগতে এয়াও উল্লেখ কৰিব পাৰি যে“Inclusive Mind”য়ে জুবিন বিষয়টোক ৰাজনীতি কৰণ কৰিবলৈ বহুদিনৰ পৰা চেষ্টা চলাই আহিছে। “Inclusive Mind”ৰ পৰিচলানা কৰে সুনীল কানুগলুৱে আৰু অসমৰ পৰ্যবেক্ষণত “Inclusive Mind”ৰ কামসমূহ কংগ্ৰেছৰ তৰফৰ পৰা গৌৰৱ গগৈৰ লগতে আন কেইজনো নেতাৰ নাম উত্থাপন কৰা হৈছে। যদিও এই অভিযোগসমূহৰ বিষয়ে কংগ্ৰেছ বা সংশ্লিষ্ট ব্যক্তিসকলৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়ালৈকে পোৱা হোৱা নাই। এই ঘটনাই অসমৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। সত্যতা নিশ্চিত কৰিবলৈ তদন্তৰ দাবী উত্থাপন হৈছে।

