অৱশেষত সকলো অপেক্ষাৰ অন্ত পেলাই আজিৰ দিনটোত এক ডাঙৰ আইনী মাইলৰ খুঁটি অতিক্ৰম হ’ল। ১২ ডিচেম্বৰ, ২০২৫—কামৰূপ মুখ্য ন্যায়াধীশ (CJM)ৰ আদালতত এছ আই টিয়ে (SIT) দাখিল কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বহুল প্রতীক্ষিত অভিযোগনামা (chargesheet)। ১৮/২০২৫ নং গোচৰত দাখিল কৰা এই চাৰ্জশ্বীটৰ আয়তন প্ৰায় ৭,০০০ পৃষ্ঠা, আৰু তাৰ সৈতে সংলগ্ন আছে আন ৩,৫০০ পৃষ্ঠাৰ গৱেষণামূলক নথি-পত্ৰ।
হত্যাৰ ধাৰাত ৪ জন, অনিচ্ছাকৃত হত্যা আৰু আস্থা ভংগত ৩ জনৰ বিৰুদ্ধে অভিযোগ
দাখিল কৰা অভিযোগনামাত SIT-এ BNS 103 ধাৰাত হত্যাকাৰী হিচাপে অভিযুক্ত কৰিছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।
জুবিন গাৰ্গৰ আত্মীয় সন্দীপন গাৰ্গৰ বিৰুদ্ধে সংযোজন কৰা হৈছে BNS 105 ধাৰা—অনিচ্ছাকৃতভাৱে হত্যা (culpable homicide)।
ইয়াৰ উপৰি জুবিনৰ দুজন PSO—নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে BNS 316 ধাৰাত ‘অপরাধমূলক আস্থা ভংগ’ৰ অভিযোগ দাখিল কৰিছে।
মুঠ ৭ জন অভিযুক্ত ইতিমধ্যে আৰক্ষীৰ জেৰাতঃ
শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য আৰু সন্দীপন গাৰ্গ।
৩০০ জনৰ সাক্ষ্যগ্ৰহণ, ছিংগাপুৰযাত্ৰা আৰু চলি আছে দ্বিতীয় গোচৰৰ তদন্ত
তদন্ত চলাকালীন SIT-এ প্ৰায় ৩০০ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল।
উল্লেখ্য, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দেহজনক পৰিস্থিতি খতিয়াবলৈ তদন্তকাৰী দল ছিংগাপুৰলৈও গৈছিল।
প্ৰথম গোচৰৰ অভিযোগনামা দাখিল হ’লেও CIT প্ৰৱৰ্তিত ১৯/২০২৫ নং দ্বিতীয় গোচৰৰ তদন্ত এতিয়াও চলি আছে।
বিচাৰিক প্ৰক্ৰিয়া—বিশেষজ্ঞৰ দৃষ্টিভংগী
ইণ্ডিয়া টুডে NE-ৰ উল্লেখ অনুসৰি এজন জ্যেষ্ঠ অধিবক্তাই কয়—চাৰ্জশ্বীট দাখিল হোৱাতেই গোচৰ শেষ নহয়।
CJM আদালতে প্ৰতিবেদন পৰ্যালোচনা কৰাৰ পিছত:
- গোচৰৰ পঞ্জীয়নৰ উদ্দেশ্যে সত্ৰ ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ হ’ব,
- সত্ৰ ন্যায়াধীশে বিচাৰ ক্ষমতা অনুজায়ী প্ৰক্ৰিয়া আগবঢ়াব নে অন্য আদালতলৈ হস্তান্তৰ কৰিব—সেই সিদ্ধান্ত লৈব।
- অভিযোগনামা স্বয়ংক্ৰিয়ভাৱে ৰাজহুৱা নহয়; জনসাধাৰণৰ কোনো সদস্যে আবেদন দাখিল কৰিলে তেতিয়াহে অভিযোগনামা উন্মুক্ত হ’ব।
এতিয়াও ৰহস্যৰ অন্ত নাই…
১৯ ছেপ্টেম্বৰ, ২০২৫-ত ছিংগাপুৰত সাগৰত সাতুৰি থকা অৱস্থাত জুবিন গাৰ্গৰ মৃত্যুৱে দেশজুৰি সৃষ্টিকৰিছে গভীৰ চাঞ্চল্য। তাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুদিন ধৰি ইয়াক স্পষ্টকৈ হত্যাকাণ্ড বুলি আখ্যাত কৰি আহিছে— ‘‘জুবিনক এজন মানুহে মাৰিছে আৰু ৪-৫ জনে সহায় কৰিছে।’’
কিন্তু এই চাৰ্জশ্বীট দাখিল হোৱাৰ পিছতো জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সম্পূৰ্ণৰূপে উন্মোচন হোৱা নাই।
অভিযোগনামা এতিয়াও বন্ধ বাকচত—নাগৰিকই জানিব পাৰিব কেৱল আদালতত আবেদন দাখিল হোৱাৰ পিছত।
সেয়ে এতিয়াও আশা, উৎকণ্ঠা আৰু অপেক্ষাত বসতি স্থাপন কৰি আছে প্ৰাণৰ শিল্পীৰ অসমীয়া ভক্তসকল।
জুবিন গাৰ্গৰ মৃত্যুৰ সেই ভয়ংকৰ ৰাতিটো—
ফাইলৰ ভিতৰতে বন্দী, আৰু বিচাৰৰ টেবুলত অপেক্ষাৰত…

