গুৱাহাটী, ১২ ডিচেম্বৰ : বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে বিশেষ তদন্তকাৰী দল (SIT)য়ে জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আদালতত দাখিল কৰে। ১৮/২০২৫ নম্বৰ গোচৰৰ অধীনত প্ৰায় ৭ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীটত চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে। চাৰ্জশ্বীট দাখিলৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
SDGP মুন্নাপ্ৰসাদ গুপ্তাই জনোৱা অনুসৰি, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ হত্যাৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আনহাতে সন্দীপন গাৰ্গৰ বিৰুদ্ধে অনিচ্ছাকৃত হত্যাৰ ধাৰা আৰু দুই পিএছঅ’ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে অপৰাধমূলক আস্থা ভংগৰ ধাৰা সংযোজন কৰা হৈছে। উল্লেখযোগ্য যে, ১৯/২০২৫ নম্বৰ গোচৰৰ তদন্ত এতিয়াও অব্যাহত আছে।
চাৰ্জশ্বীট দাখিলৰ পাছত শুকুৰবাৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয় জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, আইনৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে। তেওঁ আবেগিক কণ্ঠে কয়, “তেওঁৰ দৰে মানুহ এজনক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? জুবিনে সকলোকে হিয়া উজাৰি দিছিল। আমাৰ ঘৰখন সম্পূৰ্ণৰূপে থানবান হৈ গ’ল। জুবিন গাৰ্গৰ দৰে এটা সত্ত্বা কেনেকৈ নোহোৱা হৈ যাব পাৰে, সেয়া আজিও বিশ্বাস কৰিব নোৱাৰো।”
গৰিমাই দোষীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাই কয়, “প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে। কোনো সাৰি যাব নালাগে। ন্যায় ব্যৱস্থা ভাল হ’ব বুলি আশা কৰিছো। আমাৰ দেশৰ আইন আৰু ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে।”
তেওঁ লগতে কয় যে, এই ঘটনাক লৈ ছিংগাপুৰতো তদন্ত চলিছিল যদিও বৰ্তমান তেওঁলোকে আন কোনো পদক্ষেপ গ্ৰহণ কৰিব বিচৰা নাই। “অসম আৰক্ষী আৰু আমাৰ দেশৰ আইনে যি সিদ্ধান্ত ল’ব, তাৰ ওপৰতেই আমি ভৰসা ৰাখিছো,” বুলি মন্তব্য কৰে গৰিমাই।

