নির্দিষ্ট সময়ত অভিযোগ নামা দাখিল কৰি দোষীক কঠোৰতম শাস্তি প্ৰদান কৰাৰ পথ প্রশস্ত কৰিলে গৃহ বিভাগেঃ ৰাজ্যিক বিজেপি । যোৱা ১৯ ছেপ্তেম্বৰত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অনাকাংশিত মৃত্যুৰ পৰৱৰ্তী সময়ত হত্যাৰ গোচৰ ৰুজু কৰি মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহ বিভাগে সমগ্র বিষয়টো অনুসন্ধান কৰিবৰ বাবে বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰি ৯০ দিনৰ ভিতৰত আজি আদালতত ১২ হাজাৰ পৃষ্ঠাৰ অভিযোগ নামা দাখিল কৰি চি আই ডি গোচৰ নং ১৮/২০২৫ গোচৰত মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গ হত্যা কাণ্ডৰ ন্যায়িক যুঁজত চৰকাৰৰ দায়বদ্ধতা প্ৰমাণ কৰিলে আৰু অভিযুক্ত সকলক আদালতৰ যোগেদি কঠোৰতম শাস্তি বিহাৰ পথ প্রশস্ত কৰে বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে ৰাজ্যিক বিজেপিৰ মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে মত প্রকাশ কৰে।

ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা বিজ্ঞপ্তিটোত ছিংগাপুৰত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত গোচৰ চলাবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ধাৰা নং ২০৮ ৰ অধিনত অনুমতি গ্রহণ কৰি অনুসন্ধানকাৰী দলটোৱে ছিংগাপুৰলৈ গৈ ছিংগাপুৰ আৰক্ষীৰ পৰাও তথ্য তথা সাক্ষ্য প্রমাণ যোগুতাই ঘটনাৰ মাত্র ৮৩ দিনৰ ভিতৰত এখন কঠোৰতম অভিযোগ নামা আদালতত দাখিল কৰাৰ বাবে অভিযুক্তসকলে সহজতে জামিন লাভ কৰাৰ পথ ৰুদ্ধ হয় আৰু আদালতত ন্যায়িক প্রক্রিয়া ক্ষীপ্ৰতাৰে আৰম্ভ হোৱাৰ পথ মুকলি হোৱাৰ লগতে অভিযুক্তসকলক ন্যায়ালয়ৰ জৰিয়তে দোষী সাব্যস্ত কৰাৰ পথ প্রশস্ত কৰে বুলি মন্তব্য কৰে মুখপাত্ৰ গৰাকীয়ে। প্ৰাৰম্ভিকতে চি আই ডি গোচৰ নং ১৮/২০২৫ গোচৰটো ভাৰতীয় ন্যায়িক সংহিতাৰ ধাৰা ৬১/১০৫/১০৬ অত ৰুজু হৈছিল যদিও পৰৱৰ্তী সময়ত আদালতত অনুসন্ধানকাৰী বিষয়াৰ আবেদন ভিত্তিত হত্যাৰ ধাৰা ১০৩ সংলগ্ন কৰি ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গৃহ বিভাগে গোচৰটো অধিক কঠোৰতাৰে অনুসন্ধান কৰে। যাৰ ফলত আজি অনুসন্ধানকাৰী বিষয়াই আন আন ধাৰাসমূহৰ লগতে হত্যাৰ গোচৰত অভিযোগ নামা দাখিল কৰিবলৈ সক্ষম হৈছে আৰু ভবিষ্যতে আদালতত গোচৰটো সাব্যস্ত হ’লে অভিযুক্তসকলৰ ফাঁচী অথবা যাবজ্জীৱন কাৰাদণ্ড পর্যন্ত শাস্তি হোৱাৰ পৰিৱেশ সৃষ্টি কৰিছে চৰকাৰখনে। ভাৰতীয় জনতা পার্টি ৰাজ্যিক সমিতিয়ে দলৰ ৬৫ লাখ কাৰ্যকৰ্তাক একত্ৰিত কৰি অসমৰ বিভিন্ন প্রান্তত জুবিন গাৰ্গৰ অনাকাংশিত মৃত্যুৰ ন্যায় বিচাৰি ‘ন্যায় যাত্রা’ উলিয়াইছিল আৰু দোষীয়ে ন্যায়ালয়ৰ জৰিয়তে কঠোৰতম শাস্তি পোৱাৰ বাবে পৰিৱেশ তৈয়াৰ কৰিবৰ বাবে আহ্বান জনাইছিল। অন্যহাতে মুখপাত্র গৰাকীয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফ্রাষ্টট্রেক আদালতৰ জৰিয়তে চলাবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়।

