Breaking

জ্যেষ্ঠ সংবাদিকৰ সৈতে কটনৰ সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ মত-বিনিময়

0 57

গুৱাহাটী, ১০ এপ্ৰিল: কটন বিশ্ববিদ্যালয়ৰ মাণিক চন্দ্ৰ বৰুৱা প্ৰশাসনীয় ভৱনৰ প্ৰেক্ষাগৃহত ‘মিডিয়া ৰাইটিং এণ্ড নুৱেনচ্ অৱ প্ৰডাকচন’ শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। দিনৰ ১২বজাৰ পৰা আৰম্ভ হোৱা আলোচনাচক্ৰখন আয়োজন কৰে বিশ্ববিদ্যালয়খনৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগে। মুখ্য অতিথি ৰূপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য অধ্যাপক গণেশ চন্দ্ৰ ৱাৰী।

সমল ব্যক্তি ৰূপে উপস্থিত থাকে আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা আৰু এন.বি. নিউজ চেনেলৰ পৰিচালন সম্পাদক ৰিতুস্মিন শৰ্মা। এই অনুষ্ঠানত গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা ছপা কক্ষ পত্ৰিকা ‘আমাৰ মত (অসমীয়া)’, ‘আৱাৰ ভিউপ‌ইণ্ট (ইংৰাজী)’ আৰু দৃশ্য-চাব্য নিউজ বুলেটিন ‘দাপোন(অসমীয়া)’, ‘মিৰ’ৰ (ইংৰাজী)’ উন্মোচন কৰা হয়। ব্যৱহাৰিক কক্ষ পত্ৰিকাকেইখন উন্মোচন কৰি সম উপাচাৰ্য ৱাৰীয়ে এই পদক্ষেপৰ বাবে বিভাগটোৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক ভূয়সী প্ৰশংসা কৰে। লগতে তেওঁ বৰ্তমান দেশৰ লগতে ৰাজ্যৰ উদ্যোগ ক্ষেত্ৰ যথেষ্ট আগবাঢ়ি গৈছে বুলি মত পোষণ কৰে। মিডিয়া উদ্যোগৰ ক্ষেত্ৰখনত এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক নিয়োগ লাভৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

ছপা কক্ষ পত্ৰিকা দুখন মূল্যায়ন কৰে আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই। আলোচনাচক্ৰখনত গৌতম শৰ্মাই আমাৰ দেশৰ সকলো‌ সেৱা যেনে চিকিৎসা, শিক্ষকতা ইত্যাদিত কিছু পৰিমাণে নৈতিকতাৰ স্খলন হোৱা বুলি কয়। লগতে যিহেতু সাংবাদিক সকলো এই সমাজৰে অংগ গতিকে সাংবাদিকতাতো কিছু ক্ষেত্ৰত স্খলন অস্বাভাৱিক নহয় বুলি মন্তব্য দিয়ে। কিন্তু নিৰাশ হোৱাৰ বিপৰীতে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ৰ তথ্যত বৰ্তমান অসমৰ সাংবাদিকতা দেশৰ ভিতৰত চতুৰ্থ স্থানত থকা বুলি উল্লেখ্য কৰে। পৰৱৰ্তী সময়ত অসমৰ সাংবাদিকতাই প্ৰথম স্থান অধিকাৰ কৰিব পাৰে তাৰ বিষয়ে মনোনিবেশ কৰা উচিত বুলি মত পোষণ কৰে। মূল্যায়নৰ সময়ত গৌতম শৰ্মাই ছাত্ৰ-ছাত্ৰীক ভাষাৰ ব্যৱহাৰৰ প্ৰতি সচেতন হ’বলৈ পৰামৰ্শ আগবঢ়ায়। আনহাতে, দৃশ্য-চাব্য নিউজ বুলেটিন দুখন মূল্যায়ন কৰে এন.বি. নিউজৰ পৰিচালন সম্পাদক ৰিতুস্মিন শৰ্মাই। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক বাতৰি পৰিৱেশন শৈলীৰ বিষয়ত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিয়ে। বৰ্তমান সংবাদ মাধ্যমত সংস্থাপন লাভ কৰিবৰ বাবে একোজন ছাত্ৰ-ছাত্ৰী কেৱল এটা ক্ষেত্ৰত দক্ষতা থাকিলে নহ’ব, মাল্টি টাস্কিং হোৱাতো অতিকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰে। অনুষ্ঠানটোত গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ শিক্ষক -শিক্ষয়িত্ৰী উপস্থিত থাকে।

Leave A Reply