
মৰিয়নি ,১২ চেপ্তেম্বৰ : খাটিসোনাৰ নৱজ্যোতি হাই খেল পথাৰত যোৱা চলি থকা চুড়ান্ত খেলখন আজি অনুৰাগ এফচি খাটিসোনা বনাম চিনাতলী ফুটবল দলৰ মাজত অনুষ্ঠিত হয়।খেলৰ ৰেফাৰী ৰাজীৱ কৰ্মকাৰ, মৃগন্ত হাজৰিকা, নিত্যৰঞ্জন ফুকন আৰু মিকু পাওগাম। ফাইনেল খেলখন কিক অফ কৰি উদ্বোধন কৰে মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ, বিশিষ্ট নাট্যকাৰ তথা বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত গোহাঁইবৰুৱা আৰু নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ত্ৰৈলোক্য নাথ বৰাই । খেলখন উদ্বোধন কৰি বিশিষ্ট নাট্যকাৰ ৰঞ্জিত গোঁহাই বৰুৱাই নিজৰ বক্তব্যত কয় যে সঞ্জীৱ চুড়ীয়ে খাটিসোনা অঞ্চলত খেলৰ এক পৰিবেশ সৃষ্টি কৰিছে। তেওঁক স্থানীয় ৰাইজে ইয়াতকৈ ডাঙৰ খেল অনুষ্ঠিত কৰিবৰ বাবে সহযোগিতা আগবঢ়াবলৈ ৰাইজক আহ্বান জনায়। এলেন দেউৰী, হলিৰাম নার্জাৰী ,প্রাঞ্জল ভূমিজ আদি খেলুৱৈ সকলৰ উদাহৰণ দি কয় যে গাঁও, চাহ বাগিচা এলেকাৰ পৰা যোৱা খেলুৱৈ সকলে নিজৰ প্রতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে। খেলখনত বিৰতিৰ লৈকে চিনাতলী ফুটবল দলে ২- ০ গলত আগবাঢ়ি থাকে।দ্বিতীযার্ধত অনুৰাগ এফচিয়ে সমতা স্থাপন কৰে। নি

র্ধারিত সময়ত খেলখন আমীমাংসিত হোৱাত ট্রাইব্রকাৰ সহায় লয়। ট্রাইব্রকাৰত কোনো ফলাফল নোলোৱাত চাডেন ডেথত চিনাতলি ফুটবল দল চুড়ান্ত বিজয়ী হয়। খেলৰ পূৰ্বে শিক্ষক প্রণৱ বৰুৱাই আঁত ধৰা সম্বর্ধনা অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিটিৰ সভাপতি হীৰালাল চুড়ী, মৰিয়নি ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক প্ৰদীপ মজুমদাৰ,অৱসৰপ্ৰাপ্ত প্রধান শিক্ষয়িত্ৰী নীলিমা ভৰালী,
আটছা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মঙ্গল গৰাইত, আটছা মৰিয়নি শাখাৰ সভাপতি বন্ধন গোৱ৷লা, চৰকাৰী গাঁওবুঢ়া জিতুল গগৈ, ডেবেৰ৷পাৰ চাৰিআলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰবিন্দ ঘোষ, শিক্ষক চহন কানু, দিলীপ তামুলী , জেষ্ঠ শিক্ষক ৰজত ফুকন, বয়োজেষ্ঠ ব্যক্তি তুৱাৰাম বৰা , যুব সমাজকৰ্মী ৰুপম গগৈ, বীৰ লাচিত সেনাৰ দেবাশীষ গগৈ, তপন গগৈ, সাংবাদিক আদিত্য নন্দন কোঁচ, প্রাক্তন আটছা দীনেশ গঞ্জু, চন্দ্রমা বৰা চুড়ী, চণ্ডীৰাম গগৈ, অনিমা গগৈ,ৰেংটা চুড়ী, দীপ চুড়ী, চাৰিং বস্তীৰ চেয়াৰমেন মুবা খামজাক, যুৱ সমাজকৰ্মী মিষ্টাৰ আনুং , ৰাজু চুড়ী, বিজু চুড়ী, বিনা চুড়ী আদি ব্যক্তিসকল উপস্থিত থাকে। খেল পৰিচালনা সমিতিৰ সভাপতি অজয় চাহ, তনু পানিকা, চফিক আলি, চৰিফ আলি, জান ৰহিদাস ,দীপ চুড়ীৰ লগতে সদস্য সদস্যা সকলে পূর্ণ সহযোগিতা আগবঢ়ায় ।ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ চিনাতলী ফুটবল দলৰ টুচি আও, প্রতিযোগিতাৰ শ্ৰেষ্ট খেলুৱৈ চিনাতলী ফুটবল দলৰ জুবিন কেকন, শ্ৰেষ্ঠ ডিফেন্স অনুৰাগ এফ চিৰ পদুম ৰাজপুত। খেলৰ অন্তত বিজয়ী আৰু বিজিত উভয় দলক ট্ৰফী আৰু নগদ ধন লগতে অন্যান্য পূৰস্কাৰ সমূহ প্ৰদান কৰা হয়।