Breaking

ডাইনী কাণ্ডঃতেজপুৰত তিনি সন্তানৰ মাতৃক হানিখুছি জ্বলাই দিলে উন্মত্ত অন্ধবিশ্বাসীৰ দলে

0 23

শোণিতপুৰত ডাইনীৰ সন্দেহত এগৰাকী মহিলাক এদল দুৰ্বৃত্তই কৰা হত্যাৰ ঘটনাই আজি জিলাখনত ক জোকৰণি তুলিছে৷এই জঘন্য ঘটনা সংঘটিত হয় যোৱা নিশা তেজপুৰৰ নিকটৱৰ্তী নিজ বাঁহবাৰীত ৷যোৱা নিশা প্ৰায় ১০বজাত ডাইনী সন্দেহত এগৰাকী মহিলাক ডাইনীৰ সন্দেহত জীৱন্তে জ্বলাই দিয়ে এদল উন্মত্ত লোকে৷ যোৱা নিশা তিনি সন্তানৰ মাতৃ তথা অঞ্চলটোৰ ৰাম কাপিৰ পত্নী সংগীতা কাপি নামৰ মহিলা গৰাকীক ডাইনী বুলি অভিযোগ তুলি গাঁওখনৰে এটা দুৰ্বৃত্তৰ দলে হানিখুছি পাছত জ্বলাই দিয়ে৷ ৪০বছৰীয়া সংগীতা কাপিয়ে নিশাৰ আহাৰ ৰান্ধি থকাৰ সময়তে আক্ৰমণকাৰী দলটো আহি পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ সন্তানৰ সন্মুখতে অসহায় মহিলা গৰাকীক প্ৰথমে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰাৰ পিছত খেৰ,জপনা আদি জাপি মহিলাগৰাকীক জ্বলাই দিয়ে৷ একেখন গাঁৱৰ একাংশ অন্ধবিশ্বাসী, অশিক্ষিত উন্মত্ত দুস্কৃতিকাৰীয়ে সংঘটিত কৰা এই ঘটনাৰ পিছতে এই বিষয়ে জানিব পাৰি আৰক্ষীয়ে নিশাই অভিযান চলাই চাৰি জন আক্ৰমণকাৰী অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি দিনত আন দুই অভিযুক্ত সহ মুঠ ছয় জনক গ্ৰেপ্তাৰ কৰিছে৷অজয় চাংহাৰ,টিংকু মালহাৰ,সুৰয বাঘোৱাৰ,ধীৰাজ বাঘোৱাৰ, বাবুল নাগধৰ আৰু বাইলা চাংহাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেজপুৰ আৰক্ষীয়ে৷উল্লেখ্য যে,গ্ৰেপ্তাৰ হোৱাসকলৰ মাজৰ এজন বিশেষ ভাৱে সক্ষম ধীৰাজ বাঘোৱাৰৰ এখন ভৰি চিকিৎসাজনিত কাৰণত অস্ত্ৰোপচাৰ কৰি কাটি পেলাবলগীয়া হৈছিল আৰু ইয়াৰ কাৰণ সংগীতাৰ তন্ত্ৰ মন্ত্ৰ বুলি সন্দেহ কৰি উন্মত দলটোৱে এই নৃশংস কাণ্ড সংঘটিত কৰা হ’ল বুলি অভিযোগ উঠিছে।প্ৰনিধানযোগ্য যে আধুনিক শিক্ষাৰ পোহৰ নপৰা আৰু অন্ধবিশ্বাস দূৰীকৰণৰ কোনো সজাগতা অভিযানৰে প্ৰভাৱ নপৰা এই অঞ্চলটোৰ বহু সংখ্যক লোকে আজিও আনকি নিহত মহিলাগৰাকী ডাইনী আছিল বুলিয়েই মন্তব্য কৰে৷সুৰা আৰু অন্ধবিশ্বাসে কোঙা কৰা অঞ্চলোটত এই জঘন্য কাণ্ড সংঘটিত কৰা সকল ভুক্তভোগী পৰিয়ালটোৰ প্ৰতিবেশী৷আনহাতে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত ছয়জনক গ্ৰেপ্তাৰ কৰিলেও এই ষড়যন্ত্ৰৰে গাঁওখনৰ বহু সংখ্যক লোক জড়িত থকাৰ আশংকা বৃদ্ধি পাইছে৷উল্লেখযোগ্য যে,গাঁওখনৰ একাংশ মহিলাই অঞ্চলটোত বিভিন্নজন ৰোগাক্ৰান্ত হোৱাৰ বাবেও দোষাৰোপ কৰে হত্যাৰ বলি হোৱা মহিলাগৰাকীক৷স্হানীয় লোক আৰু অভিযুক্ত সকলৰ মনত কোনোধৰণৰ অনুসূচনা নোহোৱা ঘটনাই পিছপৰা অঞ্চলটোত অব্যাহত কুসংস্কাৰ কিমান গভীৰলৈ শিপাইছে সেয়া স্পষ্ট কৰিছে৷ মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে হত্যাকাণ্ডটোৰ তদন্ত আৰক্ষীয়ে অব্যাহত আছে৷

Leave A Reply