ডিগবৈ প্ৰেছ ক্লাব আৰু ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ডিগবৈ গ্ৰন্থমেলা-২০২৫…

ডিগবৈ প্ৰেছ ক্লাব আৰু ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত সদৌ অসম পুথি বিক্ৰীেতা আৰু প্ৰকাশক সংস্হাৰ সহযোগত ডিগবৈ ৰিফাইনেৰী খেলপথাৰত ডিগবৈ গ্ৰন্থমেলা ২০২৫ অনুষ্ঠিত কৰিবলৈ দিহা কৰা হৈছে । আগন্তুক ৯নবেম্বৰৰ পৰা ১৬ নবেম্বৰ ২০২৫ তাৰিখলৈ আঠদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা ডিগবৈ গ্ৰন্থমেলাখনিৰ লগত উঠি অহা প্ৰজন্মক সংপৃক্ত কৰিব পৰাকৈ এলানি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছে উদ্যোগতা সমিতিয়ে ৷ কাৰ্যসূচী অনুসৰি ন নবেম্বৰ তাৰিখে পাতাক উত্তোলন,শ্বহীদ তৰ্পণ,গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন আৰু দিনৰ ১১ বজাৰ পৰা দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ১০ নবেম্বৰ তাৰিখে বিয়লি চাৰি বজাত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কুইজ প্ৰতিযোগিতা ৷ পৰিচালনা কৰিব কুইজ মাষ্টাৰ সায়ন্তন শইকীয়াই । ১১ নবেম্বৰ তাৰিখে বিজ্ঞানী তথা উদ্ভাৱক ড° উদ্ধৱ ভৰালীৰে সৈতে বিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ অনুষ্ঠানৰ লগতে বিয়লি চাৰি বজাৰ পৰা সত্ৰীয়া কৃষ্ণ নৃত্য প্ৰতিযোগিতা । ১২ নবেম্বৰ তাৰিখে সত্ৰীয়া দশৱতাৰ নৃত্য প্ৰতিযোগিতা ।

১৩ নবেম্বৰ তাৰিখে বৰগীত প্ৰতিযোগিতা । ১৪ নবেম্বৰ তাৰিখে সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিৰে সৈতে এক আলাপ অনুষ্ঠান ৷ ১৫ নবেম্বৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া মানসিক উৎকৰ্ষ সাধন আৰু অভিৰোচন অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব মাইণ্ড পথ একাডেমিৰ সঞ্চালক ৰূপান্তৰ চাউৰক ৷ আবেলি চাৰি বজাৰ পৰা তিনিচুকীয়া জিলা ভিত্তিত অনুষ্ঠিত হ’ব মূকাভিনয় প্ৰতিযোগিতা । ১৬ নবেম্বৰ তাৰিখে মুকলি আৰু বঁটা বিতৰণী সভাৰ লগতে সুধাকণ্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক গীতে মাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুস্হিত কৰিবলৈ দিহা কৰিছে উদ্যোগতা সমিতিয়ে । আঠদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে তৈলনগৰী ডিগবৈ চহৰৰ মাজমজিয়াত অৱস্হিত ৰিফাইনেৰী খেলপথাৰত অনুষ্ঠিত কৰিবলৈ ডিগবৈ গ্ৰন্থমেলা ২০২৫ ৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত উদ্যোগতা সমিতিৰ হৈ সভাপতি ৰাজু হাজৰিকা,কাৰ্যকৰী সভাপতি নিখিল কোঁচ আৰু যুটীয়া সম্পাদক বিনোদ বাগ্ৰা আৰু অনুপম গগৈয়ে সমুহ ডিগবৈবাসী ৰাইজৰ সৰ্বতোপ্ৰকাৰেৰে সহায় সহযোগিতাৰ লগতে দিহা পৰামৰ্শৰ কামনা কৰিছে । গ্ৰন্থমেলাখনিৰ লগত সংগতি থকা যিকোনো বিষয়ত সবিশেষ তথ্য জানিবলৈ আয়োজন সমিতিয়ে ৭৬৩৬০০৩৫৩৯ আৰু ৬০০৩৮৭৭১৭৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

Related Articles