নতুন বছৰ মানেই এক সময়ত আছিল শুভেচ্ছা, শুভকামনা আৰু মৰমৰ আদান–প্ৰদানৰ উৎসৱ। সেই সময়ত আপোনজনলৈ এখন গ্ৰিটিংছ কাৰ্ড পঠিওৱাটো আছিল এক বিশেষ আনন্দৰ বিষয়। কিন্তু সময়ৰ সোঁতত ডিজিটেল প্ৰযুক্তিৰ দ্ৰুত প্ৰসাৰে সেই চিৰচেনা সংস্কৃতিখন ক্ৰমে ম্লান হৈ পৰিছে। মোবাইল ফোন, হোৱাটছএপ, ফেচবুক আদিৰ যুগত গ্ৰিটিংছ কাৰ্ড যেন এতিয়া স্মৃতিলৈ ৰূপান্তৰিত হৈছে।
এক সময়ত নৱবৰ্ষ, জন্মদিন বা যিকোনো উৎসৱত গ্ৰিটিংছ কাৰ্ড ক্ৰয় কৰিবলৈ বজাৰত ভিৰ লাগিছিল। কিন্তু এতিয়া সেই দৃশ্য প্ৰায় নাইকিয়া। বিহাৰৰ গয়া চহৰৰ বাজাজা ৰোডত অৱস্থিত এখন সৰু দোকান এতিয়াও সেই অতীতক ধৰি ৰাখিবলৈ চেষ্টা কৰি আছে। ‘কাৰ্ড এণ্ড কাৰ্ডছ’ নামৰ এই দোকানখনৰ স্বত্বাধিকাৰী আলোক জৈনে এতিয়াও আশাত দিন কটায়—এদিন নিশ্চয় এই কাৰ্ডবোৰৰ দিন ঘূৰি আহিব।
আলোক জৈনে কয়, “আগতে নৱবৰ্ষ, জন্মদিন, বিবাহ বাৰ্ষিকী আদি উপলক্ষে মানুহে বাধ্যতামূলকভাৱে গ্ৰিটিংছ কাৰ্ড কিনিছিল। মানুহে প্ৰতিযোগিতাৰ দৰে আটাইতকৈ ধুনীয়া কাৰ্ডখন বিচাৰিছিল। কিন্তু এতিয়া ম’বাইল ফোনে সকলো সলনি কৰি দিলে।” তেওঁ জনালে, এই বছৰৰ শেষ সপ্তাহতো এখনো নৱবৰ্ষৰ কাৰ্ড বিক্ৰী নহ’ল, যিটো কেতিয়াবা ভাবিব নোৱাৰা কথা আছিল।
তেওঁ স্মৰণ কৰে, এসময়ত প্ৰতিজন গ্ৰাহকে অন্ততঃ দহখনকৈ কাৰ্ড ক্ৰয় কৰিছিল। পিতৃ-মাতৃ, আত্মীয়, বন্ধু-বান্ধৱী—সকলোৱে ডাকযোগে শুভেচ্ছা প্ৰেৰণ কৰিছিল। সেই সময়ত গয়া চহৰত ডজনাধিক গ্ৰিটিংছ কাৰ্ডৰ দোকান আছিল আৰু সকলো দোকানতে ভিৰ লেগেই আছিল। কিন্তু বৰ্তমান সময়ত সেই দোকানসমূহ প্ৰায় বন্ধ হোৱাৰ পথত।
আলোক জৈনে ক’বলৈ গৈ আবেগিক হৈ পৰে—“গ্ৰিটিংছ কাৰ্ডত এটা আৱেগ থাকে। মানুহে সেয়া সংৰক্ষণ কৰে, বছৰৰ পাছত বছৰ উলিয়াই চায়। কিন্তু ম’বাইলত অহা মেছেজ এটা কেই ছেকেণ্ডতে পঢ়ি মচি পেলোৱা হয়। তাত সেই অনুভৱ নাই।”
তেওঁ জনালে, এতিয়াও তেওঁৰ দোকানত বিভিন্ন ধৰণৰ গ্ৰিটিংছ কাৰ্ড উপলব্ধ আছে। মূল্য ৮০ টকাৰ পৰা ৫০০ টকা পৰ্যন্ত, কিছুমান বিশেষ ডিজাইনৰ কাৰ্ড ১০০০ টকালৈকে বিক্ৰী হয়। কেতিয়াবা কেতিয়াবা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে খ্ৰীষ্টমাছ বা বিশেষ উপলক্ষত কাৰ্ড ক্ৰয় কৰিবলৈ আহে, কিন্তু সংখ্যা অতি নগণ্য।
ইফালে গয়াৰ মুখ্য ডাকঘৰৰ জ্যেষ্ঠ ডাকমাষ্টাৰ ৰোহিত কুণ্ডনে কয়, “এটা সময় আছিল যেতিয়া নৱবৰ্ষৰ আগমুহূৰ্তত ডাকঘৰৰ বাকচসমূহ গ্ৰিটিংছ কাৰ্ডেৰে ভৰি পৰিছিল। ডাকঘৰীয়াসকলে দিনে দিনে শতাধিক চিঠি বিতৰণ কৰিছিল। এতিয়া সেই দৃশ্য অতীত।”
তেওঁ কয়, আগতে দেশ-বিদেশলৈ গ্ৰিটিংছ কাৰ্ড পঠিওৱাটো এটা সাধাৰণ চলন আছিল। আজিৰ ডিজিটেল যুগে সেই সংস্কৃতিক প্ৰায় নিঃশেষ কৰি পেলালে যদিও গ্ৰিটিংছ কাৰ্ডে যে এক সময়ত মানুহৰ মনত গভীৰ আবেগ সৃষ্টি কৰিছিল, সেয়া অস্বীকাৰ কৰিব নোৱাৰি।
ডিজিটেল যুগৰ সুবিধা থাকিলেও, কাগজৰ ওপৰত লিখা মৰম আৰু অনুভৱৰ উষ্ণতা এতিয়াও বহুজনৰ বাবে অতুলনীয়। হয়তো একদিন এই হেৰোৱা সংস্কৃতিয়ে পুনৰ ঘূৰি আহিব—এই আশাতেই আজিও কেইজনমান ব্যৱসায়ীয়ে নিজৰ দোকানত সাজি ৰাখিছে ৰঙীন গ্ৰিটিংছ কাৰ্ডৰ সম্ভাৰ।

