শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিত আজি আয়োজন কৰা হ’ল “কা’ আন্দোলনৰ পঞ্চ শ্বহীদক” উৎসৰ্গিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটোত উপস্থিতিজনাই ছ’বছৰ পূৰ্বে গুৱাহাটী মহানগৰীত নাগৰিকত্ব সংশোধনী আইন (কা’)ৰ বিৰুদ্ধে আন্দোলন কৰোঁতে প্ৰাণ আহুতি দিয়া পাঁচজন সুঠাম যুৱকক সুমৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, জাতিধ্বংসী কা’ বাতিলৰ দাবীত পথত নামি জন-জাগৰণ সৃষ্টি কৰা এই পঞ্চ শ্বহীদ—অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ প্ৰতীক হিচাপে এতিয়াও স্মৰণীয়। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আহ্বানত আজি ৰাজ্যজুৰি সমান্তৰালভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ল, আৰু সেইয়াৰ অংশ হিচাপে ঢেকীয়াজুলিতো জাতীয় শ্বহীদ বেদীত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অৰ্পণ।
অনুষ্ঠানটোত উপস্থিত থাকে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাস। শেহতীয়াকৈ তেওঁ পঞ্চ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ স্পষ্টকৈ ক’লে—
“কোনো কাৰণে জাতিধ্বংসী নাগৰিকত্ব আইন মানি লোৱা নহয়। অসমীয়াৰ স্বাভিমান আৰু অস্তিত্বৰ প্রশ্নত আপোষ নহয়।”
আয়োজিত অনুষ্ঠনত ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিকাশ কলিতা সহ অন্যান্য বিষয়া-কৰ্মীৰো উপস্থিতি থাকে আৰু পঞ্চ শ্বহীদক একাত্মতাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
জাতিৰ ৰক্ষা, পৰিচয়ৰ সুৰক্ষা আৰু ইতিহাসৰ মান ৰক্ষাৰ লক্ষ্য লৈ আয়োজিত আজিৰ অনুষ্ঠানটো শোণিতপুৰত নৱকৈ জাগ্ৰত কৰিলে কা’ আন্দোলনৰ সুৰ আৰু অসমীয়াৰ আত্মসম্মানৰ দাবি।

