Breaking

তিতাবৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ তৰা ছিৰা বিহু উদযাপন

0 19

ঠেঙাল কছাৰী জনগোষ্ঠীয়ে পালন কৰিলে তৰা ছিৰা বিহু। ‘তৰা’ সংগ্ৰহৰ বাবে ওলাই আহিল জনগোষ্ঠীটোৰ পুৰুষসকল। তৰা ছিৰা বিহু উদযাপনৰ পিছৰে পৰা ৰঙালী বিহুৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰে জনগোষ্ঠীটোৰ লোকসকল৷
তিতাবৰৰ মৰঢলী কছাৰী গাঁৱত পৰম্পৰা ৰক্ষা কৰি আজি পালন কৰা হয় ঠেঙাল কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ তৰা ছিৰা বিহু ৷ চ’ত মাহৰ দ্বিতীয়টো বুধবাৰে পৰম্পৰাগতভাৱে উদযাপন কৰা হয় এই উৎসৱ ।


সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু সংগঠনটোৰ তিতাবৰৰ ন-পাম, আঁৱৰীয়া, মৰঢলী, উলুতলী, বৰএৰা, বজালবাৰী আৰু ৰতনপুৰ প্ৰাথমিক সমিতিৰ অভ্যৰ্থনাত তিতাবৰৰ মৰঢলী কছাৰী গাঁৱত মুকলি পথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ তৰা ছিৰা বিহু।

পৰম্পৰা অনুসৰি গাঁৱৰ মুখিয়াল তথা জ্যেষ্ঠসকলক লগত লৈ জনগোষ্ঠীটোৰ ৰাইজে পূৰ্বতে পাহাৰীয়া অঞ্চলসমূহৰ পৰা তৰা গছ আনিবলৈ যোৱাৰ লগতে যাত্ৰাপথত আমৰলি পৰুৱাৰ টোপ, কেঁকুৰা, কুচীয়া, মাছ মৰা আদি পৰ্বৰ উপৰিও পাহাৰীয়া অঞ্চলসমূহত বনৰীয়া হাঁহ-কুকুৰা আদি চিকাৰ কৰি গাঁওখনৰ মেধিৰ ঘৰৰ চোতালত তৰা ছিৰি বিহু পালন কৰিছিল যদিও আধুনিকতাৰ ধামখুমীয়াত তেতিয়াৰ সেই বিহুৰ মাদকতা সম্প্ৰতি হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ সময়তে বিগত বৰ্ষৰ দৰেই এইবাৰো পূৰ্বৰ সেই পৰম্পৰা আৰু জনগোষ্ঠীটোৰ জাতীয় উৎসৱৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে জনগোষ্ঠীটোৰ সংস্কৃতিবান লোকসকলে উলহ-মালহেৰে উদযাপন কৰে তৰা ছিৰা বিহু।

পৰম্পৰা ৰক্ষা কৰি তাঁতশাল, ভঁৰাল ঘৰ সাজি ঠেঙ্গাল কছাৰীসকলে অতীতত বসবাস কৰা ‘মেধি’ৰ ঘৰৰ চোতালত এৰি পলু, হাঁহ-কুকুৰা, গাহৰিৰ মাংস, আমৰলি পৰুৱা টোপ, কুচিয়া আদিৰ উপৰিও জনগোষ্ঠীটোৰ পানীয়  ‘সেৰেকা’ৰ সৈতে ৰীতি-নীতিৰে পৰম্পৰাগত খাদ্যসম্ভাৰ পৰিৱেশন কৰি জনগোষ্ঠীটোৰ তৰা ছিৰা বিহুৰ স্বকীয়তা অনন্যৰূপত উপস্থাপন কৰে।

Leave A Reply