পুৱাই বৰডুবি থানাৰ অধীনৰ বাহাদুৰ চাৰিআলিত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী ২২ বছৰীয়া যুৱতীয়ে কৰুণভাৱে থিতাতে মৃত্যুক আকোৱালী লবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ জানিব পৰা মতে মাটি কঢ়িওৱা এখন ডাম্পাৰে যুৱতী গৰাকীক মহতিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে নিহত হয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি পুৱা প্ৰায় ৮:৩০ বজাত এ এছ ০৬ এ চি ৪৫৪৯ নম্বৰৰ মাটিভৰ্তি ডাম্পাৰখন চাৰিআলি চাহ বাগিচাৰ পৰা বাহাদুৰ চাৰিআলি বজাৰ দিশে আহি থাকোতে বাইচাইকেলেৰে আহি থকা দীপালী মুণ্ডা নামৰ যুৱতীগৰাকীক পিছফালৰ পৰা সজোৰে খুন্দা মৰাত তেওঁ মৃত্যুক আকোৱালী লয় ৷ উক্ত ঘটনাৰ পাছতেই উত্তেজিত হৈ পৰা স্থানীয় ৰাইজে বাহাদুৰ চাৰিআলিত সমবেত হৈ তিনিচুকীয়া-দুলিয়াজান পথচোৱা দীৰ্ঘসময় ধৰি অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে । ৰাইজে দুৰ্ঘটনাটোত জড়িত ডাম্পাৰখনৰ লগতে চালকজনক ধৰি আৰক্ষীক চমজাই দিয়াৰ লগতে ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবী জনায় ৷ অৱৰোধৰ ফলত পথচোৱাৰে যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । পাছত ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি সুদীৰ্ঘ দিন ধৰি বৰডুবি থানা এলেকাত আৰক্ষীৰ নাকৰ তলেদি অবৈধভাৱে মাটি খনন আৰু সৰবৰাহ অব্যাহত আছে । যাৰফলত অঞ্চলটোত ডাম্পাৰৰ দৌৰাত্ম দিনক দিনে বৃদ্ধি পাইছে ৷ এই বিষয়ত ৰাইজৰ লগতে আদিবাসী ছাত্ৰ সন্থাই বৰডুবি আৰক্ষীক কেইবাবাৰো লিখিত অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ কৰিছে৷ফলত আজিৰ এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে বুলি স্থানীয় ৰাইজে প্ৰতিবাদস্থলীত উল্লেখ কৰে৷ ক্ষোভিত ৰাইজে পথ অৱৰোধৰ জৰিয়তে অঞ্চলটোত মাটিৰ অবৈধ খনন বন্ধ কৰাৰ দাবী তোলাৰ লগতে মৃত যুৱতীগৰাকীৰ নিকটাত্মীয়ক বিশ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী তুলি ডাম্পাৰখনৰ চালক আৰু ইয়াৰ গৰাকীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো দাবী জনায়। ইফালে অৱৰোধথলীত উপস্থিত হোৱা প্ৰশাসনিক বিষয়াক আদিবাসী ছাত্ৰ সন্থাই এক দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

