Breaking

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৫ সংখ্যক বেলতলা ব’হাগী উৎসৱ

0 18

‘গুৱাহাটী, ১১ এপ্রিল: বেলতলা ব’হাগী উৎসব সমিতিয়ে বিগত বছৰ সমূহৰ দৰে এইবাৰো ১৯, ২০ আৰু ২১ এপ্রিলত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে বেলতলা বিদ্যালয় খেলপথাৰত ৪৫ সংখ্যক ব’হাগী উৎসৱৰ বিশাল আয়োজন কৰিছে। বিহু উদযাপনৰ লগতে বেলতলা ব’হাগী উৎসৱ সমিতিয়ে অসমীয়া জাতিৰ হিয়াৰ আমঠু, ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত ২০১২ চনৰ পৰা সাহিত্য আৰু সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিসকলক বঁটা প্ৰদান কৰি আহিছে। বেলতলা ব’হাগী উৎসৱ সমিতিয়ে এইবাৰ ভাৰতৰ বোলছবি জগতৰ যশস্বী অভিনেতা তথা অসমীয়া ছবি জগতৰ চিনাকী নাম জৰ্জ বেকাৰক ড° ভূপেন হাজৰিকা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।

বৃহস্পতিবাৰে বেলতলাৰ পুবেৰুণ সংঘত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে বেলতলা ব’হাগী উৎসৱ সমিতিৰ সভাপতি নাৰায়ণ ডেকাই। তেওঁ লগতে কয়-বিশিষ্ট অভিনেতা জৰ্জ বেকাৰক ব’হাগী উৎসৱৰ থলীত অন্তিম দিনা অর্থাৎ ২১ এপ্রিলত নিশা ৯ বজাত বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত আছে নগদ ২,০০,০০০ টকা, মানপত্র, স্মাৰক আৰু এখন আলোৱান। এই অনুষ্ঠানতে বেলতলা ব’হাগী উৎসৱ সমিতিয়ে ২০২১ বৰ্ষৰ ড° ভূপেন হাজৰিকা বঁটা লাভ কৰা বিশিষ্ট সমাজসেৱক তথা সু-চিকিৎসক ডাঃ সুশীল কুমাৰ জৈনক বঁটা প্ৰদান কৰা হ’ব। দিল্লীৰ এপল’ হাস্পতালৰ মানৱদৰদী চিকিৎসক ডাঃ জৈনক ২০২১ বর্ষতে বঁটা ঘোষণা কৰা হৈছিল যদিও অতিমাৰি পৰিৱশৰ বাবে ব’হাগী বিহু উদ্ যাপন কৰিব পৰা নহ’ল।’

সংবাদ মেলত সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে কয়-বেলতলা ব’হাগী উৎসৱৰ কাৰ্য্যসূচী অনুসৰি ১৯ এপ্রিলত পুৱা ৯ বজাত বেলতলা ব’হাগী উৎসব সমিতিৰ সভাপতি নাৰায়ণ ডেকাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব। ব’হাগী উৎসৱ সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে বন্তি প্রজ্বলন কৰাৰ লগতে শ্বহীদ তর্পণ কৰিব সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়োয়ে। একেদৰে দিনৰ ভাগত অনুষ্ঠিত হ’বলগীয়া সৰু ল’ৰা-ছোৱালীৰ খেল-ধেমালি প্রতিযোগিতা উদ্বোধন কৰিব উপ-সভাপতি বিচিত্র বড়োয়ে। সন্ধিয়া ৬ বজাৰ পৰা পাটমাদৈ, বিহুৱতী আৰু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্রতিযোগিতা উদ্বোধন কৰিব ব’হাগী উৎসৱৰ মুখ্য পৃষ্ঠপোষক ৰাতুল বৰুৱাই।অসমৰ বিভিন্ন মঞ্চত বিহুৰাণী, বিহুৱতী, বিহুসম্রাজ্ঞীৰ খিতাপ অৰ্জন কৰা নাচনী সকলেহে পাটমাদৈ প্রতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।


পাটমাদৈ আৰু বিহু হুঁচৰি প্ৰতিযোগিতাত অংশ গ্রহণ কৰিব বিচৰা দল সমূহে ১৯ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পূৰ্বে পঞ্জীয়ন কৰিবৰ বাবে ফোন নংঃ৬৯০৯৬ ২০০১০ ত যোগাযোগ কৰিব পাৰিব। পাটমাদৈ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ প্রতিযোগীয়ে বঁটাৰ লগতে নগদ ধন ২,০০,০০০ টকা আৰু মানপত্ৰ আৰু স্মাৰক লাভ কৰিব। সেইদৰে শ্ৰেষ্ঠ বিহু হুঁচৰি দলে লাভ কৰিব বঁটা আৰু নগদ ১,০০০০১ টকা, দ্বিতীয় বিহু হুঁচৰি দলে লাভ কৰিব বঁটা আৰু নগদ
৫১,০০১ টকা। আনহাতে শ্রেষ্ঠ ঢুলীয়া আৰু শ্ৰেষ্ট পেপুৱৈয়ে লাভ কৰিব ক্ৰমে ২৫,০০১ টকাকৈ। উক্ত দিনা নিশা ৬.৩০ বজাত মন্মথ বৈশ্য সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ব কণ্ঠশিল্পী ৰূপম ভূঞাক। নিশা ৯ বজাত কণ্ঠশিল্পী ময়ুৰী দত্ত আৰু নিশা ১১ বজাত আচুৰ্য বৰপাত্ৰৰ আধুনিক গীতৰ শৰাই আছে।

২০ এপ্রিলত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট কণ্ঠশিল্পী, লেখক, গবেষক লোকনাথ গোস্বামীয়ে। নিশা ৭.৪৫ বজাত স্মৃতিগ্রন্থ উন্মোচন কৰিব বিশিষ্ট লেখক,গবেষক ড° প্রদীপজ্যোতি মহন্তই। একেদিনাই নিশা ৯ বজাত বিশিষ্ট শিল্পী ৰঞ্জিত গগৈৰ দলে পৰিবেশন কৰিব বাৰেৰহণীয়া নৃত্যানুষ্ঠান। নিশা ১০ বজাৰ পৰা জনপ্রিয় কণ্ঠশিল্পী পাপন অংগৰাগ মহন্তই গীতৰ শৰাই আগবঢ়াব। ব’হাগী উৎসৱৰ অন্তিম দিনা ২১ এপ্রিলত সন্ধিয়া ৭ বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নিশা ৯ বজাত ড° ভূপেন হাজৰিকা বঁটা আৰু পাটমাদৈ বঁটা প্ৰদান কৰা হ’ব। নিশা ১০.৩০ বজাত জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব। আমি এই ব’হাগী উৎসৱ সফল কৰি তুলিবলৈ ৰাইজৰ সহায়-সহযোগিতা,উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ।’ সংবাদ মেলত সমিতিৰ সাংস্কৃতিক সম্পাদক জয়ন্ত গগৈ, কোষাধ্যক্ষ প্ৰদীপ দাসৰ লগতে সমিতিৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

Leave A Reply