অসমৰ তিৱা, ৰাভা আৰু মিচিং জনগোষ্ঠীৰ স্বায়ত্তশাসিত পৰিষদসমূহক সাংবিধানিক স্বীকৃতি প্ৰদানৰ দিশে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ ইংগিত দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তিনিওটা জনগোষ্ঠীৰ প্ৰতিনিধি দলৰ সৈতে হোৱা বৈঠকৰ সময়ত গৃহমন্ত্ৰীয়ে এই বিষয়ত আনুষ্ঠানিক আলোচনাৰ বাবে এজন আলোচক (interlocutor) নিযুক্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰ সন্মত হোৱা বুলি জানিবলৈ দিয়ে।
দীৰ্ঘদিন ধৰি তিৱা, ৰাভা আৰু মিচিং জনগোষ্ঠীয়ে নিজ নিজ স্বায়ত্তশাসিত পৰিষদসমূহৰ সাংবিধানিক মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰি আহিছে। এই দাবীসমূহৰ ক্ষেত্ৰত এখন প্ৰতিষ্ঠিত আৰু সংগঠিত ব্যৱস্থাৰে আলোচনা আৰম্ভ কৰাৰ আশ্বাসে জনগোষ্ঠীসমূহৰ মাজত আশাৰ সঞ্চাৰ কৰিছে।
এই উন্নয়ন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্তোষ প্ৰকাশ কৰি কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই পদক্ষেপে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ সুৰক্ষাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। তেওঁ সামাজিক মাধ্যমত কৰা এক পোষ্টত লিখিছে যে, “দীৰ্ঘদিন ধৰি নিজ নিজ স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা বিচাৰি অহা ৰাভা, মিচিং আৰু তিৱা জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত বহিবলৈ মাননীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে যি সদিচ্ছা প্ৰকাশ কৰিছে, সেয়া সত্যই আশ্বাসদায়ক আৰু হৃদয়স্পৰ্শী।”
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, এজন মধ্যস্থতাকাৰী নিযুক্ত কৰি আনুষ্ঠানিক আলোচনাৰ পথ মুকলি কৰাৰ সিদ্ধান্তই ভাৰত চৰকাৰৰ অন্তর্ভুক্তিমূলক শাসন ব্যৱস্থা, সংলাপ আৰু অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সাংবিধানিক আকাংক্ষাৰ প্ৰতি দায়বদ্ধতাৰ স্পষ্ট প্ৰতিফলন।
দীৰ্ঘদিন ধৰি অসমত তিৱা, ৰাভা আৰু মিচিং জনগোষ্ঠীৰ স্বায়ত্তশাসন আৰু সাংবিধানিক সুৰক্ষা এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু সামাজিক বিষয় হিচাপে বিবেচিত হৈ আহিছে। এই প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক সংশ্লিষ্ট মহলে এক গুৰুত্বপূৰ্ণ আৰু ইতিবাচক অগ্ৰগতি হিচাপে মূল্যায়ন কৰিছে।

