মিচিং জাতীয় সংগঠন টি এম পি কেৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত ধেমাজি জিলাৰ গোগামুখত ২৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈ থকা তৃতীয় সংখ্যক মিচিং স্প’ৰ্টছ কাৰ্ণিভেল কালি পুৱতি নিশা সামৰণি পৰিছে ৷ ১৮ টা ইভেন্টত গোগামুখ মহাবিদ্যালয় খেলপথাৰ, গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত স্প“ৰ্টছ কাৰ্ণিভেলত ক্ৰমে ফুটবল, এথলেটিক, বেটমিন্টন, ভলীবল, আৰ্চাৰী, কাবাদী ছুইমিং আৰু মিচিং সমাজৰ পৰম্পৰাগত খেল দগদৃগ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ৷ খেলৰ প্ৰতিযোগিতাসমূহৰ সমান্তৰালভাৱে প্ৰতিটো নিশাই সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হৈছিল আৰু ইয়ে ক্ৰীড়া আৰু সাংস্কৃতিৰ মাজত মহামিলনৰ সৃষ্টি কৰে ৷ সকলোবোৰ ইভেন্টৰ খেল অন্ত পৰাৰ পাছত কালি পুৰস্কাৰ সমূহ বিতৰণ কৰা হয় ৷ টি এম পি কেৰ ১৭ খন সাংগঠনিক জিলাই অংশগ্ৰহণ কৰা উক্ত বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত ধেমাজি জিলা সমিতি টি এম পি কেই পদক তালিকাৰ শীৰ্ষস্থান লাভ কৰে ৷ বিগত বৰ্ষটো ধেমাজি জিলা দলে পদক তালিকাত শীৰ্ষত থাকি চেম্পিয়নৰ খিতাপ দখল কৰিছিল ৷
এইবাৰ ধেমাজি জিলা দলে ১৬ টা সোণ, ১৭ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জক পদকেৰে মুঠ ৪৪ টা পদক লাভ কৰি পুনৰ চেম্পিয়নৰ খিতাপ দখল কৰে ৷ জোনাই জিলা সমিতিয়ে ১৩ টা সোণ, ৮ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৩৩ টা পদক লাভ কৰি দ্বিতীয় স্থানত অৱস্থান কৰে ৷ টি এম পি কেৰ লখিমপুৰ জিলা দলে ৯ টা সোণ, ১১ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৩৩ টা পদক লাভ কৰি তৃতীয় স্থান দখল কৰে ৷ চিলাপথাৰ জিলা দলে ৮ টা সোণ, ৬ টা ৰূপ আৰু ৮ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২২ টা পদক লাভ কৰি পদক তালিকাৰ চতুৰ্থ স্থানত থাকে ৷ মাজুলী জিলা দলে ৭ টা সোণ, ১১ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২২টা পদক লাভ কৰি পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়। যোৰহাট জিলা টি এম পি কেই ৭ সোণ, ২ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক লৈ ষষ্ঠ স্থানত অৱস্থান কৰে ৷ যোৰহাট জিলা দলে এইবাৰ মহিলাৰ ভলীবলত প্ৰথম স্থান দখল কৰাৰ বিপৰীতে বেটমিন্টনত চমৎকাৰ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ এইদৰে শিৱসাগৰ জিলা দলে ৫ টা সোণ, ৫ ৰূপ আৰু ৮ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৮ টা পদক লাভ কৰি পদক তালিকাৰ সপ্তম স্থান অধিকাৰ কৰে ৷ ঢকুৱাখনা জিলা দলে ৩ টা সোণ, ১১ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২৬ টা পদক দখল কৰি অষ্টম স্থান অধিকাৰ কৰে ৷ শোণিতপুৰ জিলা দলে ২ টা সোণ, ১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৪ টা পদকেৰে নৱম স্থান দখল কৰে ৷ গোলাঘাট জিলা দলে ২ টা সোণ, ২ টা ৰূপ লৈ দশম, গুৱাহাটী চিটি কমিটিয়ে ১ টা সোণ, ১ টা ৰূপ লৈ একাদশ স্থান লাভ কৰে ৷ ডিব্ৰুগড় জিলা দলে ২ টা ৰূপ, ৪ টা ব্ৰঞ্জ, চৰাইদেউ জিলা দলে ১ টা ব্ৰঞ্জৰ পদক লৈ ক্ৰমে দ্বাদশ আৰু ত্ৰয়োদশ স্থান লাভ কৰে ৷ বিহপুৰীয়া, তিনিচুকীয়া, শদিয়া আৰু জীয়া ভৰলী টি এম পি কেৰ জিলা দলে পদকৰ খাটা খুলিবলৈ সক্ষম নহ’ল ৷
মহিলাৰ ফুটবলত লখিমপুৰ চেম্পিয়নঃ মিচিং স্প’ৰ্টছ কাৰ্ণিভেলত পোনপ্ৰথম বাৰৰ বাবে সংযোজিত মহিলাৰ ফুটবলত টি এম পি কেৰ লখিমপুৰ জিলা দলে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ ১৯ বছৰ অনুৰ্ধবৰ বাবে মিচিং স্প’ৰ্টছ কাৰ্ণিভেলৰ মহিলাৰ ফুটবলত লখিমপুৰ জিলা দলে মণ্ডল পৰ্যায়ৰ পৰাই দমনীয় খেল প্ৰদৰ্শন কৰি আহিছিল ৷ কোৱাৰ্টাৰ ফাইনেলত লখিমপুৰ জিলা দলে মাজুলী জিলা দলক ৩-০ গ’লৰ ব্যৱধানত, ছেমি ফাইনেলত ধেমাজি জিলা দলক ৪-২ গ’লৰ ব্যৱধানত বিধ্বস্ত কৰাৰ বিপৰীতে ফাইনেলত ফাইনেল খেলত মাজুলী জিলা দলক ৬-২ গ’লৰ ব্যৱধানত ধৰাসায়ী কৰে ৷ ফাইনেল খেলত লখিমপুৰ জিলা দলৰ হৈ কৰিণা নৰহ ১, বিৰিণা পেগু ২, অইচেং পেগু ১, য়াদেং পেগুৱে ১ গ’ল দি লখিমপুৰ জিলা দলক হেলাৰঙে বিজয়ৰ উপহাৰ দিয়ে ৷ লখিমপুৰ জিলা মহিলা দলটো গঠন কৰা হৈছিল প্ৰতিভাৰে ভৰপুৰ উদীয়মান যুৱ খেলুৱৈসকলক ৷ যিসকল খেলুৱৈৰ আছে ইন্টাৰনেচনেল সুব্ৰত কাপ চেম্পিয়নশ্বিপ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা সম্পন্ন যুৱ খেলুৱৈ ৷ আঠগৰাকী খেলুৱৈয়ে আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ৷ ইয়াৰে অন্যতম আছিল ৰুয়ুম দলে, এলিজা পেগু, বিৰিণা পেগু, ৰিতু দলে, সোণালী পেগু, অইচেং পেগু, কৰিণা নৰহ আৰু শেৱালী পেগু ৷ একেদৰে ১৯ বছৰ অনুৰ্ধ্বৰ ফুটবলৰ ল’ৰাৰ শাখাত ঢকুৱাখনা জিলা দলে লখিমপুৰ। জিলা দলক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে ৷

