তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত আৰক্ষীয়ে পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত ভাৰতীয় বায়ু সেনাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াক আটক কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আটক কৰা ব্যক্তি গৰাকী তেজপুৰ পতিয়া চুবুৰীৰ নিবাসী কুলেন্দ্ৰ শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, কুলেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে সন্দেহজনক যোগাযোগৰ অভিযোগত গোচৰ ৰুজু কৰি তদন্তৰ অংশ হিচাপে তেওঁক আটক কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে বিষয়টোক লৈ গভীৰভাৱে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, কুলেন্দ্ৰ শৰ্মা ভাৰতীয় বায়ু সেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া আছিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয় হোৱাৰ বাবে আৰক্ষী আৰু সংশ্লিষ্ট নিৰাপত্তা সংস্থাসমূহে ঘটনাটো গুৰুত্বসহকাৰে লৈ তদন্ত আগবঢ়াইছে।

এই ঘটনাক লৈ তেজপুৰ তথা সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত অধিক তথ্য পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে।

Related Articles