ভূটানৰ থিম্ফুত শেহতীয়াকৈ ১৪ সংখ্যক ভাৰত-ভূটান সীমান্ত ব্যৱস্থাপনা তথা নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভাৰতীয় দলটোক নেতৃত্ব দিয়ে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা বিভাগৰ সচিব ড০ ৰাজেন্দ্ৰ কুমাৰে তথা ভূটানৰ পক্ষক নেতৃত্ব দিয়ে দেশখনৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব সোণম ৱাংগিয়েলে।ভাৰতীয় প্ৰতিনিধি দলটোত সশস্ত্ৰ সীমা বল, লেণ্ড পোৰ্ট অথৰিটি অব ইণ্ডিয়া, দূৰসংযোগ বিভাগ, নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো, ভাৰতৰ জৰীপ বিভাগ , শুল্ক বিভাগৰ বিষয়া তথা অসম, পশ্চিম বংগ, ছিকিমল আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি উপস্থিত থাকে ।
উভয় পক্ষই দ্বিপাক্ষিক নিৰাপত্তা সম্পৰ্কীয় সহযোগিতা তথা সীমান্ত ব্যৱস্থাপনাৰ বিষয়সমূহ পৰ্যালোচনা কৰে, য’ত মোবাইল চিগনেল বৃদ্ধি কৰা, সংহত তালাচী চকীৰ বাবে ভৱিষ্যতৰ পৰিকল্পনা , সীমান্তৰ স্তম্ভৰ ৰক্ষণাবেক্ষণ তথা সীমা অতিক্ৰম কৰি চলাচল কৰা আদি বিষয়সমূহ পৰ্যালোচনা কৰা হয়। আলোচনাত ভূটানৰ আৰক্ষীৰ সামৰ্থ্য বিকাশৰ প্ৰসংগয়ো গুৰুত্ব লাভ কৰে।
উভয় দেশৰ প্ৰতিনিধিৰ দলে আন্তৰিক তথা গঠনমূলক আলোচনাত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে নিৰাপদ, সুৰক্ষিত তথা সমৃদ্ধিশালী সীমান্ত অঞ্চল নিশ্চিত কৰাৰ দিশত একেলগে কাম কৰাৰ সংকল্পৰ কথা পুনৰবাৰ প্ৰকাশ কৰে।বৈঠকত উভয় পক্ষই শক্তিশালী বন্ধুত্বৰ বিষয়টোক পুনৰ দৃঢ় কৰি ভাৰত আৰু ভূটানে পৰম্পৰাগত তথা উদীয়মান ক্ষেত্ৰসমূহত সহযোগিতা গভীৰ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়। ভাগ-বতৰা কৰা ভূগোল, সংস্কৃতি আৰু মানুহৰ মাজত শিপাই থকা সম্পৰ্কৰ ক্ষেত্ৰত চিৰস্থায়ী অংশীদাৰিত্বই আঞ্চলিক সহযোগিতাৰ বাবে আৰ্হি হিচাপে কাম কৰি আহিছে বুলি উভয়ে সহমত ব্যক্ত কৰে। উল্লেখ্য ইয়াৰ পূৰ্বে এনে বৈঠক অনুষ্ঠিত হৈছিল ২০১৯ চনত।

