দিগন্ত ভাৰতীক অপমান কৰাক লৈ মানস ৰবীনৰ ক্ষোভ….Manas Robin

গুৱাহাটী: Manas Robin । কণ্ঠশিল্পী দিগন্ত ভাৰতীক বিহু মঞ্চত অপমান কৰাক লৈ সমগ্ৰ শিল্পী সমাজত প্ৰতিবাদৰ ঢৌ উঠিছে। এই ঘটনাত কড়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন। বকোৰ ছমৰীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ মঞ্চৰ পৰা মানস ৰবীনে স্পষ্ট হুংকাৰ দিয়ে যে, ৭ দিনৰ ভিতৰত চানমাৰি বিহু সন্মিলনে ক্ষমা না খুজিলে তেওঁ আৰু কেতিয়াও তাত গান গাবলৈ যাব নে।

ঘটনাটো মূলত ঘটিছে বুধবাৰে, গুৱাহাটীৰ চানমাৰি বিহু মঞ্চত। তাতে দিগন্ত ভাৰতী তেওঁৰ পত্নী তথা জনপ্ৰিয় কণ্ঠশিল্পী ভাস্বতী ভাৰতীৰ গান উপভোগ কৰিবলৈ উপস্থিত আছিল। অভিযোগ অনুসৰি, সেই সময়তে মঞ্চত মাতি নিদিয়াকৈ দিগন্ত ভাৰতীৰ হাতৰ পৰা মাইক্ৰ’ফোনটো কাঢ়ি লোৱা হয়, যাক লৈ সৃষ্টি হয় বিতর্ক।

এই অপমানজনক ব্যৱহাৰৰ প্ৰতিবাদত বহু কণ্ঠশিল্পীয়ে সামাজিক মাধ্যমযোগে ক্ষোভ প্ৰকাশ কৰিছে। বহুতেই চানমাৰি বিহু সন্মিলনৰ বিপক্ষে কটু মন্তব্য প্ৰকাশ কৰিছে। মানস ৰবীনে স্পষ্টকৈ কৈছে, “৭ দিনৰ ভিতৰত ক্ষমা খুজা নোহ’লে, চানমাৰিৰ বিহু মঞ্চত কেতিয়াও গান গাবলৈ নাযাওঁ।”

ঘটনাটোক লৈ ইতিমধ্যে শিল্পী সমাজৰ মাজত এক প্ৰতিক্ৰিয়াৰ ঢৌ উঠিছে। কণ্ঠশিল্পী দিগন্ত ভাৰতীক এইদৰে অপমান জনাই থকাটো শিল্পী সমাজৰ বাবে অসম্মানজনক বুলি মত প্ৰকাশ কৰিছে বহুতে।

Related Articles