দিল্লীত বিজেপি সংসদীয় সমিতিৰ বৈঠক ! বৈঠকত চূড়ান্ত হ’ব বিজেপিৰ প্ৰাৰ্থী তালিকা

আজি নতুন দিল্লীত অনুষ্ঠিত হ’ব ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ সংসদীয় সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক। আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি দলটোৱে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত এই বৈঠকখনক বিশেষ গুৰুত্ব আৰোপ কৰিছে।

সূত্ৰ অনুসৰি, এই বৈঠকত বিভিন্ন ৰাজ্যৰ সম্ভাব্য প্ৰাৰ্থীসকলৰ নামৰ ওপৰত বিস্তৃত আলোচনা চলিব আৰু অধিকাংশ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হ’ব। ৰাজনৈতিক পৰিস্থিতি, দলীয় সমীকৰণ আৰু জয়ৰ সম্ভাৱনা আদি দিশ বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

দলীয় শীৰ্ষ নেতৃত্ব, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব বুলি আশা কৰা হৈছে।

ইপিনে, এই বৈঠকৰ পাছতেই কাইলৈ বিজেপিৰ প্ৰথম প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা দেখা গৈছে। ইতিমধ্যে দেশজুৰি দলীয় কৰ্মী আৰু সমৰ্থকৰ মাজত এই তালিকাক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে।

এই বৈঠকৰ সিদ্ধান্তই আগন্তুক নিৰ্বাচনত বিজেপিৰ কৌশল আৰু ৰাজনৈতিক দিশ নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

Related Articles