দীন-জ্যোতি ফাউণ্ডেশ্যনৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ লগতে শিক্ষক দিৱস উদ্‌যাপন

গুৱাহাটীৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা দীন-জ্যোতি ফাউণ্ডেশ্যনৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আৰু শিক্ষক দিৱস উদ্‌যাপন।দিনযোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত উদ্‌যাপন কৰা হয়৷

দীন-জ্যোতি ফাউণ্ডেশ্যনৰ সঞ্চালক চুমী ৰহমানৰ নেতৃত্বত এই স্বেচ্ছাসেৱী সংগঠনটিয়ে সমাজৰ কল্যাণৰ বাবে বিগত বছৰ সমূহত বহুতো কাম কৰি আহিছে৷ এই অধিৱেশন মুকলি কৰে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক বিশিষ্ট মূকাভিনয় শিল্পী মইনুল হকে৷ অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট অতিথিসকলে বন্তি প্ৰজ্বলন কৰে৷ অধিৱেশনখনৰ শুভ উদ্ধোধন কৰি বিশিষ্ট মূকাভিনয় শিল্পী মইনুল হকে উদ্ধোধনী ভাষণত কলা সম্পৰ্কীয় সাৰগৰ্ভ বক্তব্য প্ৰদান কৰি উপস্থিত সকলোকে উৎসাহিত কৰি তোলে৷

অনুষ্ঠানত অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথম গৰাকী মহিলা সংগীত পৰিচালক,বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকাই দীন-জ্যোতি ফাউণ্ডেশ্যনৰ বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি সাংবাদিক দৰ্শনা বৰুৱাই সম্পাদনা কৰা ফাউণ্ডেশ্যনৰ বাৰ্ষিক মুখপত্ৰ ‘দীনজ্যোতি ‘ৰ শুভ উন্মোচন কৰি সুন্দৰ বক্তব্য প্ৰদান কৰে৷

অধিৱেশনখনিত সন্মানীয় অতিথি হিচাপে পাৰিষদ অসীম শইকীয়া, বৰঠাকুৰ আই এ এছ একাডেমীৰ সঞ্চালক বন্দনা বৰঠাকুৰ, সমাজসেৱক মীৰ মোছালেহুদ্দিন মুৰ্তজা, সমাজসেৱক জমিৰ ৰহমান, শ্বাহিল ৰহমান,প্ৰতিবিম্ব লাইভৰ কাৰ্যবাহী সঞ্চালক নীলিমা চৌধুৰী আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

সভাৰ আৰম্ভণিতে মধুস্মিতা বৰা দাস,চুমী ৰহমান,প্ৰণামিকা শইকীয়া মটক,ৰঞ্জিতা হাজৰিকা,চৈয়দাআঞ্জুৱাৰা বেগম,ৰিতুমণি হাজৰিকা তামুলী ফুলন দেৱী,তুলুমণি গগৈয়ে , দীন-জ্যোতি ফাউণ্ডেশ্যনৰ শীৰ্ষ গীতটি পৰিবেশন কৰে৷

দীন-ফাউণ্ডেশ্যনৰ সঞ্চালক চুমী ৰহমানে আদৰণি ভাষণত কিছু গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰাৰ লগতে সংস্থাটোৰ হৈ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷দীন-জ্যোতিফাউণ্ডেশ্যনৰ হৈ অনুষ্ঠানত মধুস্মিতা বৰা দাস,প্ৰণামিকা শইকীয়া মটকে চমু বক্তব্য প্ৰদান কৰে৷

অনুষ্ঠানত এ আৰ ডি এফ গ্ৰপৰ শিক্ষাৰ্থীসকলে দলীয়ভাৱে বাৰেৰহণীয়া নৃত্য, শিশু শিল্পী জ্যোতিষ্মান সাই কলিতাই জ্যোতি সংগীত আৰু বৈশানী ভৰদ্বাজে এটি গীত,ড্ৰিমলী শাণ্ডিল্যই এটি নৃত্য পৰিবেশন কৰে৷

দীন-জ্যোতি ফাউণ্ডেশ্যনৰ বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতা,ৰেচিপি প্ৰতিযোগিতা আৰু পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাৰ বিজয়ী সকলকো অধিৱেশনত মানপত্, নগদ ধন আৰু স্মাৰক প্ৰদান কৰা হয়৷


অনুষ্ঠানটিত ৫ চেপ্তেম্বৰৰ শিক্ষক দিৱস উপলক্ষে দুগৰাকী শিক্ষাবিদক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে আদিগুৰু পিতৃ -মাতৃক কৃতজ্ঞতা জনোৱাৰো আয়োজন কৰি বিশিষ্ট সমাজকৰ্মী কাদিৰ আলী আৰু সু-মাতৃ চাহিজান নেছাক বিশেষভাৱে জনোৱা হয় সম্বৰ্ধনা৷

অধিৱেশনত তিনিগৰাকী লেখক সাংবাদিকক দীন-জ্যোতি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰদান কৰা হয় বিশেষ বঁটা৷
গীত-নৃত্যৰে মুখৰিত অনুষ্ঠানটি দীন-জ্যোতি ফাউণ্ডেশ্যনৰ সমূহ সদস্যাৰ সহযোগিতাত সফল সামৰণি পৰে৷

Related Articles