দীপক কুমাৰ বসুমতাৰীক জনসংযোগৰ অতিৰিক্ত সঞ্চালকলৈ পদোন্নতি

দিছপুৰ, ২৭ আগষ্টঃ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক দীপক কুমাৰ বসুমতাৰীক ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে অতিৰিক্ত সঞ্চালক পদলৈ পদোন্নতি দিছে৷ বসুমতাৰীয়ে আজি জনসংযোগৰ মুখ্য কাৰ্যালয়ত অতিৰিক্ত সঞ্চালক পদত যোগদান কৰে৷

১৯৯৩ চনত কনিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়াৰ চাকৰি লাভেৰে গোসাইগাঁৱত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে যোগদান কৰা বসুমতাৰীয়ে বঙাইগাঁও আৰু গোৱালপাৰা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল৷ উপ-সঞ্চালক পদলৈ পদোন্নতি লাভ কৰাৰ পিছত তেখেতে জনসংযোগৰ কোকৰাঝাৰস্থিত আঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আঞ্চলিক বিষয়া তথা বিটিচিৰ পৰিষদীয় বিভাগীয় মুখ্য বিষয়া হিচাপে আৰু নতুন দিল্লীৰ অসম তথ্য কেন্দ্ৰত তথ্য বিষয়া হিচাপে সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰে৷ ইয়াৰ পিছত ২০১৬ চনত যুটীয়া সঞ্চালক হিচাপে পদোন্নতি লাভ কৰি মুখ্য কাৰ্যালয়ত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি আছিল৷

Related Articles