দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা চাকৰিয়াল লোকৰ আত্মীয়ৰ বাবে ভাল খবৰঃ দৰমহা একাউণ্টৰ অধীনত বীমাৰ ১ কোটি টকা লাভ কৰিলে ঢকুৱাখনাৰ মৃত শিক্ষকৰ পৰিয়ালে

পঞ্জাব নেশ্যনেল বেংক,ঢকুৱাখানা শাখাই আজি এক পথ দুৰ্ঘটনাত অকাল মৃত্যুবৰণ কৰা শিক্ষয়িত্ৰী দীপা হাজৰিকা ভৰালীৰ বীমা দাবী নিষ্পত্তিৰ উদ্দেশ্যে এক বিশেষ দাবী নিষ্পত্তি অনুষ্ঠানৰ আয়োজন কৰে। ঢকুৱাখনা সম-জিলাৰ আখৈফুটীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ভৰালী বিদ্যালয় ছুটীৰ পিছত স্কুটীৰে নিজৰ ঘৰলৈ গৈ থকা অৱস্থাত ২০২৫ চনৰ ১৫ ছেপ্টেম্বৰত পাছফালৰ পৰা এখন বাহনে খুন্দিয়াই থৈ যোৱাত মৃত্যু হৈছিল।উল্লেখ্য যে দীপা ভৰালী পঞ্জাৱ নেশ্যনেল বেংকৰ ঢকুৱাখানা শাখাৰ এগৰাকী দৰমহা একাউণ্টধাৰী আছিল। তেওঁৰ পঞ্জাৱ নেশ্যনেল বেংকৰ দৰমহা একাউণ্টৰ সৈতে সংযুক্ত বীমা সুবিধাৰ অধীনত বেংকে ১ কোটি টকাৰ Personal Accident Death Insurance Claim নিষ্পত্তি কৰে। ঢকুৱাখনা নতুন আৱৰ্ত ভৱনত আয়োজিত উক্ত অনুষ্ঠানত শিক্ষয়িত্ৰী গৰাকীৰ মনোনীত উত্তৰাধিকাৰীক ১কোটি টকাৰ চেক প্ৰদান কৰে ঢকুৱাখনা সম-জিলাৰ সম জিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথ আৰু পঞ্জাৱ নেশ্যনেল বেংকৰ ডিব্ৰুগড় চক্ৰৰ চক্ৰ মূৰব্বী সুধীৰ কুমাৰ ঝাই।

ঝাই কয় যে ধন বা টকাৰে মৃতলোকক ঘূৰাই আনিব নোৱাৰি আৰু ক্ষতিও পুৰাব নোৱাৰি, কিন্তু বীমাৰ জৰিয়তে উত্তৰাধিকাৰী সকলে আৰ্থিক দিশত যথেষ্ট সকাহ লাভ কৰে।অনুষ্ঠানটোত লখিমপুৰ জিলাৰ লিড বেংক প্ৰৱন্ধক এডউইন এডিছন, ডিব্ৰুগড়ৰ মুখ্য প্ৰৱন্ধক ৰিতেশ শ্ৰীবাস্তৱ, শাখা প্ৰবন্ধক মানচাইলুম চাইটম আৰু বাপ্পী দাসৰ লগতে পঞ্জাব নেচনেল বেংকৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।অনুষ্ঠানত জানিবলৈ দিয়া হয় যে দৰমহা একাউণ্টৰ সৈতে সংযুক্ত Term Insurance সুবিধাৰ অধীনত হিতাধিকাৰীগৰাকীয়ে ইয়াৰ পূৰ্বে ১০ লাখ লাভ কৰিছিল। বৰ্তমান ১ কোটি টকাৰ দাবী নিষ্পত্তিৰ ফলত দৰমহা একাউণ্টৰ সৈতে সংযুক্ত বীমা সুবিধাৰ জৰিয়তে পৰিয়ালটোৱে মুঠ ১.১০ কোটি টকাৰ আৰ্থিক সুবিধা লাভ কৰিছে।

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি শ্ৰী সুধীৰ কুমাৰ ঝাই PNB Salary Account-ৰ অধীনত উপলব্ধ বিভিন্ন বীমা আৰু আৰ্থিক সুবিধাসমূহৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ উল্লেখ কৰে যে এই দৰমহা একাউণ্টে একাউণ্টধাৰী আৰু তেওঁৰ পৰিয়ালক ব্যাপক আৰ্থিক সুৰক্ষা প্ৰদান কৰে। ইয়াৰ ভিতৰত ১ কোটি টকাৰ Personal Accident Death Cover আৰু ২ কোটি টকাৰ Air Accident Cover বীমাৰ সুবিধাৰ কথা উল্লেখ কৰে।তেওঁ বিশেষকৈ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY), প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY) আৰু অটল পেঞ্চন যোজনা (APY)-ৰ বিষয়ে তেওঁ বিস্তৃতভাৱে ব্যাখ্যা কৰে। যোগ্য লোকসকলে যাতে এই সামাজিক সুৰক্ষা আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টি কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। এবছৰৰো কম সময়ৰ ভিতৰতে এই দাবী নিষ্পত্তি কৰাৰ বাবে সম-জিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথে বেংক কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।এই ক্ষেত্ৰত অধিক সজাগতাৰ প্ৰয়োজন আছে বুলিও নাথে মন্তব্য কৰে।

Related Articles