দ্বিতীয়বাৰলৈ ভাৰতৰ পৰা ইৰাণলৈ প্ৰেৰণ চিকিৎসা সামগ্ৰী

মধ্যপ্ৰাচ্যত অব্যাহত থকা সংঘাতৰ মাজতে মানৱীয় সহায়ৰ দিশত গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে। দ্বিতীয়বাৰৰ বাবে ভাৰতৰ পৰা ইৰাণলৈ চিকিৎসা সামগ্ৰীৰ চালান প্ৰেৰণ কৰা হৈছে, যিয়ে দুয়ো দেশৰ মাজত সহানুভূতি আৰু সহযোগিতাৰ বন্ধন অধিক সুদৃঢ় কৰিছে।

শনিবাৰে ভাৰতীয় ৰাইজৰ অনুদানৰ আধাৰত সংগ্ৰহ কৰা এই চিকিৎসা সামগ্ৰীসমূহ ইৰাণৰ ৰেড ক্রেচেন্ট ছ’চাইটিলৈ প্ৰেৰণ কৰা হয়। এই পদক্ষেপে যুদ্ধৰ কঠিন সময়ত ইৰাণৰ জনতা আৰু চৰকাৰৰ প্ৰতি ভাৰতৰ সহানুভূতি আৰু সংহতি স্পষ্টকৈ প্ৰতিফলিত কৰিছে।

ভাৰতস্থিত ইৰাণৰ ৰাষ্ট্ৰদূত মোহাম্মদ ফাথালিয়ে জনোৱা মতে, নতুন দিল্লীত অৱস্থিত ইৰাণ দূতাবাসে ভাৰতীয় ৰাইজৰ অনুদান ব্যৱহাৰ কৰি এই চিকিৎসা সামগ্ৰীসমূহ ক্ৰয় কৰে আৰু দেশলৈ প্ৰেৰণ কৰে। তেওঁ কয় যে, এই উদ্যোগে ভাৰত আৰু ইৰাণৰ মাজত মানৱীয় সহযোগিতাৰ এক শক্তিশালী উদাহৰণ স্থাপন কৰিছে।

ফাথালিয়ে ভাৰতৰ ৰাইজ আৰু চৰকাৰলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰি উল্লেখ কৰে যে, সংকটৰ সময়ত ভাৰতীয়সকলে সহানুভূতিশীল আৰু বিশ্বাসযোগ্য অংশীদাৰ হিচাপে পুনৰাই নিজৰ পৰিচয় দাঙি ধৰিছে। তেওঁ লগতে জনায় যে, এই অনুদানৰ ধনেৰে ঔষধ ক্ৰয় কৰাৰ উপৰিও ভাৰত চৰকাৰে সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাত সহায় আগবঢ়াইছে।

উল্লেখযোগ্য যে, এই সহায় আগবঢ়োৱাৰ জৰিয়তে ভাৰত-ইৰাণৰ মাজত বৃদ্ধি পাই অহা মানৱীয় সম্পৰ্ক আৰু বন্ধুত্ব পুনৰ দৃঢ় হৈ উঠিছে।

Related Articles