Breaking

দ্বিতীয় সদৌ অসম মুকলি দেবজিত গগৈ ক্লাচিক শৰীৰ চৰ্চা প্ৰতিযোগিতাত ভৃগুজ্যোতি শ‌ইকীয়া আৰু মেন ফিজিকত বিক্ৰম ডেকাৰ খিতাপ

0 34

দ্বিতীয় সদৌ অসম মুকলি দেবজিত গগৈ ক্লাচিক শৰীৰ চৰ্চা প্ৰতিযোগিতাত ভৃগুজ্যোতি শ‌ইকীয়া আৰু মেন ফিজিকত বিক্ৰম ডেকাৰ খিতাপ

গুৱাহাটী, ১১ ডিচেম্বৰ ঃ মহানগৰীৰ ৰুক্মিণী নগৰৰ প্ৰেক্ষাগৃহত যোৱা ৯ ডিচেম্বৰ, শনিবাৰে অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক সদৌ অসম মুকলি দেবজিত গগৈ ক্লাচিক শৰীৰ চৰ্চা আৰু মেন ফিজিক ২০২৩-২৪ প্ৰতিযোগিতা । আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ দেবজিত গগৈৰ সোঁৱৰণত বেলতলাৰ ফিটনেচ ৱৰ্ল্ড জিমৰ সদস্য তথা প্ৰয়াত দেবজিত গগৈৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সহযোগত বিগত বৰ্ষৰ পৰা এই দেহশ্ৰী প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে ।
এই প্ৰতিযোগিতাতৰ মুকলি শৰীৰ চৰ্চা শাখাত অসমৰ বিভিন্ন প্ৰান্তৰ ৪০ গৰাকী খেলুৱৈ আৰু মেনছ ফিজিক শাখাত ১২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।
উক্ত প্ৰতিযোগিতা শুভ উদ্বোধন কৰে অৰ্জ্জুন বঁটাপ্ৰাপ্ত লনবলৰ খেলুৱৈ নয়নমনি শইকীয়া, প্ৰ-পাঞ্জা লীগৰ বিজয়ী চেতনা শৰ্মা আৰু জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপোষ্ট”ৰ কৰ্ম কুশলীসকলে । অনুষ্ঠানত উপস্থিত থাকে অৱসৰ প্ৰাপ্ত চি চি এফ ফজৰুল ৰহমান, অসম শক্তি উত্তোলনৰ জ্যেষ্ঠ বিষয়ববীয়া দুৰ্গা প্ৰসাদ গগৈ, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোহাঁই, প্ৰনব কলিতা, বলিন কলিতা, এন এফ ৰেলৰেৰ বিষয়া বিপুল কুমাৰ, কুমুদ বড়ো, ৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ নবজিত দাস আদি বহু বিশিষ্ট লোক । আৰম্ভণিতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস হালৈয়ে প্ৰয়াত দেৱজিৎ গগৈৰ মধুৰ সান্নিধ্যৰ কথা সোঁৱৰি আবেগিক হৈ পৰে । ভাষণ প্ৰসংগত তেওঁ কয় যে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত কৰ্মৰত প্ৰয়াত হেম গগৈ আৰু খ্যাতনামা মাষ্টাৰ এথলীট লীলা গগৈৰ সন্তান, অসমৰ বিশিষ্ট শৰীৰ চৰ্চাবিদ প্ৰয়াত দেৱজিৎ গগৈ বিশাল হৃদয়ৰ গৰাকী আছিল । বেলতলা আৰু কাহিলীপাৰাত স্থাপন কৰা ফিটনেচ ৱৰ্ল্ড জিমত বহু আৰ্থিকভাৱে অস্বচ্ছল যুৱক-যুৱতীক তেওঁ বিনামূলীয়াকৈ প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা দিছিল । তেওঁৰ গুণমুগ্ধ শৰীৰ চৰ্চাবিদসকলে এই প্ৰতিযোগিতাখন সফলভাৱে আয়োজন কৰাৰ বাবে অধিবক্তাগৰাকীয়ে শলাগ লয় । প্ৰাঞ্জল প্ৰতিম মুদৈয়ে আঁত ধৰা প্ৰতিযোগিতাখনৰ বিষয়ে আয়োজক কমিটীৰ সভাপতি অমৰ কাকতি আৰু সম্পাদক অঞ্জন বুজৰ বৰুৱাই জনোৱা অনুসৰি ফলাফলসমূহ হ’ল —

মুকলি শৰীৰ চৰ্চা শাখাৰ শীৰ্ষ ১০ গৰাকী খেলুৱৈ হ’ল ——-

১। ভৃগুজ্যোতি শ‌ইকীয়া, তেজপুৰ
২। কেশৰ আলী, যোৰহাট
৩। মোজাহিদুল ইছলাম, গুৱাহাটী
৪। দুৰ্লভ বুঢ়াগোহাঁই, তিনিচুকীয়া
৫। প্ৰেমছন দাস, গুৱাহাটী
৬। মঞ্জিত বৰা, যোৰহাট
৭। ৰাহুল আমিন, গুৱাহাটী
৮ । সজল দাস, মালিগাঁও
৯ । বাপ্পা কাংছো বণিক, কৰিমগঞ্জ
১০ । অৱনী দত্ত, মিৰ্জা ।

আনহাতে মেন ফিজিক প্ৰতিযোগিতাৰ শীৰ্ষ ৫ গৰাকী খেলুৱৈ হ’ল ——

১। বিক্ৰম ডেকা, নলবাৰী
২ । মহম্মদ ছাদাব, নগাঁও
৩ । হীৰকজ্যোতি শ‌ইকীয়া, যোৰহাট
৪ । ইমৰাণ লস্কৰ, গুৱাহাটী
৫ । নাছিৰ আহমেদ, গুৱাহাটী

মুকলি শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ শীৰ্ষ ১০ গৰাকী খেলুৱৈক ক্ৰমে ২০, ১৫, ১২, ১০, ৮, ৬, ৫, ৪, ৩ আৰু ৩ হেজাৰ টকাকৈ প্ৰদান কৰা হয় । আনহাতে মেনছ ফিজিক প্ৰতিযোগিতাৰ শীৰ্ষ ৫ টা স্থান দখল কৰা সকলে ক্ৰমে ১০, ৮, ৭, ৫, ৩ হেজাৰ টকালৈ লাভ কৰে । বিচাৰক হিচাপে খেল পৰিচালনা কৰে জয়ন্ত দাস, মলিন দাস, খলিল আলী, বিপুল কুমাৰ, বৰ্ণালী বসুমতাৰী, প্ৰাঞ্জিৎ বৰ্মন আৰু কুলেন দাস ।

Leave A Reply