Breaking

ধুবুৰী জিলাৰ গোলকগঞ্জত উপস্থিত ভূটানৰ ৰজা

0 18

গোলকগঞ্জৰ ভাৰত বাংলদেশ সীমান্তৰ সোনাহাটত ভূটানৰ ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুক।
অৰ্থনৈতিক আলোচনাৰ বাবে বাংলদেশ লৈ গৈছিল ভূটানৰ ৰজা গৰাকী। বাংলাদেশৰ কুৰিগ্ৰামৰ
পৰা আজি ১০০৯ নং গেটেৰে ভাৰতত প্ৰৱেশ কৰে তেখেতে।

সীমান্তততে গোলকগঞ্জ সীমান্ত শুল্ক বিভাগে সকলো নথিপত্ৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ সমান্তৰালকৈ ধুবুৰী
জিলা প্ৰশাসনে উষ্ম আদৰণি জনায় ভূটানৰ ৰজা গৰাকীক।

জানিব পৰা মতে, ২০২৩ চনত লণ্ডনত বাংলদেশ আৰু ভূটানৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত
প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই ভূটানৰ ৰজা-ৰাণীৰ সৈতে কুৰিগ্ৰামত বিশেষ বিত্তীয় স্থান স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল।

ভূটান ৰজাই এই কথাত সন্মতি প্ৰদান কৰাত ইতিমধ্যেই কুৰিগ্ৰাম-ভুৰুংগামাৰী পথৰ ধৰলা দলঙৰ পূৱত
কুৰিগ্ৰামৰ জিলা প্ৰশাসনে ১৩৩.৯২ একৰ ব্যক্তিগত ভূমি বাংলাদেশ অৰ্থনৈতিক মণ্ডল কৰ্তৃপক্ষক অৰ্পণ কৰিছে।

ভূটানৰ ৰজা জিগমে খেছাৰ ৱাংচুকে আজি কুৰিগ্ৰামস্থিত অৰ্থনৈতিক মণ্ডলৰ স্থান পৰিদৰ্শন কৰি সোনাহাট হৈ ভাৰতত প্ৰৱেশ কৰে।

সীমান্তত থকা সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চপদস্থ বিষয়া, ধুবুৰী জিলা আয়ুক্তৰ সৈতে মত বিনিময় কৰে। মত বিনিময় কৰাৰ পিছত স্থল পথেৰে ভুটানলৈ যাত্ৰা কৰে।

Leave A Reply