ঢকুৱাখনা, ২২ এপ্ৰিল ২০২৫: Dhakuakhana Higher Secondary School। ‘নিজৰ স্বাস্থ্যৰ প্ৰতি যতন লোৱাৰ দৰেই আমাৰ পৃথিৱীখনৰ প্ৰতি যত্ন লোৱাটো আমাৰ দায়িত্ব হোৱা উচিত’ আজি ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ধৰিত্ৰী দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় বিদ্যালয়ৰ যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘৰ সমন্বয়ক তথা প্ৰকৃতি লেখক মানস প্ৰতিম দত্তই। বিদ্যালয়ৰ যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘৰ উদ্যোগত আয়োজন আজিৰ অনুষ্ঠানত উৎসাহজনক কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ আছিল প্লাষ্টিক সংগ্ৰহ প্ৰতিযোগিতা, যাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছিল।

বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীৰ উপস্থিতিত সকলোৰে সহযোগিতাত এই প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হয়। প্ৰতিযোগিতাত বিদ্যালয়ৰ বিভিন্ন মানৰ শিক্ষাৰ্থীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত প্লাষ্টিকৰ বৰ্জিত সামগ্ৰী সংগ্ৰহ কৰি পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্ন ৰখাৰ বাৰ্তা প্ৰেৰণ কৰে।

প্ৰতিযোগিতাৰ ফলাফল ঘোষণাৰ সময়ত দেখা যায় যে ষষ্ঠ মানৰ শিক্ষাৰ্থীসকলে সৰ্বাধিক প্লাষ্টিক সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। দ্বিতীয় স্থান লাভ কৰে সপ্তম মানৰ শিক্ষাৰ্থীসকলে আৰু তৃতীয় স্থান অধিকাৰ কৰে অষ্টম মানৰ শিক্ষাৰ্থীসকলে। বিজয়ীসকলৰ প্ৰচেষ্টা আৰু নিষ্ঠাক সকলোৱে প্ৰশংসা কৰে।
কাৰ্যসূচীৰ শেষত বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈয়ে বিজয়ী দলসমূহক পুৰস্কাৰ প্ৰদান কৰে। তেখেতে শিক্ষাৰ্থীসকলক পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে উৎসাহিত কৰি কয় যে এনে কাৰ্যক্ৰমে শিক্ষাৰ্থীৰ মনত পৰিৱেশৰ প্ৰতি দায়িত্ববোধ জাগ্ৰত কৰিব।

এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলৰ মাজত প্লাষ্টিকৰ অপব্যৱহাৰ হ্ৰাস কৰাৰ লগতে পৰিৱেশ সুৰক্ষাৰ বাৰ্তা সফলতাৰে প্ৰচাৰ কৰে। বিদ্যালয়ৰ এই প্ৰয়াসে ধৰিত্ৰী দিৱসৰ তাৎপৰ্যক আৰু অধিক গভীৰ কৰি তুলিছে। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।
এই ধৰণৰ কাৰ্যক্ৰম ভৱিষ্যতেও অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিৰে কাৰ্যসূচীৰ সমাপ্তি ঘোষণা কৰা হয়।