নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টে (AIUDF)। দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে প্ৰাক্তন আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰক AIUDFৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।

উল্লেখ্য যে, প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰাৰ পিছত সাংসদ পদৰ পৰা পদত্যাগ কৰাত নগাঁও লোকসভা আসনখন খালী হৈ পৰে। এই আসনৰ বাবেই অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে।

AIUDFৰ দলীয় টিকটৰ ঘোষণা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰেজাউল কৰিম সৰকাৰে কয় যে দলৰ সিদ্ধান্তক তেওঁ আদৰণি জনাইছে। অৱশ্যে দলৰ সভাপতি বদৰুদ্দিন আজমলে এই বিষয়ে তেওঁক ব্যক্তিগতভাৱে এতিয়ালৈকে একো জনোৱা নাই বুলিও তেওঁ উল্লেখ কৰে।

সৰকাৰে কয়, “দলে যাকে টিকট দিয়ে, তাকেই আঁকোৱালি ল’ম।” দলীয় টিকট লাভ কৰিলে AIUDFৰ প্ৰাৰ্থীয়ে নগাঁও উপ-নিৰ্বাচনত নিশ্চিতভাৱে জয়লাভ কৰিব বুলিও তেওঁ দাবী কৰে।

ইফালে কংগ্ৰেছক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে AIUDF নেতাগৰাকীয়ে। তেওঁৰ অভিযোগ, বিগত নিৰ্বাচনত AIUDFএ কংগ্ৰেছৰ সহযোগিতা বিচাৰিছিল যদিও সেই সময়ত কংগ্ৰেছে AIUDFক সহযোগিতা কৰা নাছিল।

আগন্তুক উপ-নিৰ্বাচনত কংগ্ৰেছক AIUDFক সহযোগিতা কৰিবলৈ আহ্বান জনাই সৰকাৰে কয় যে কংগ্ৰেছক সহায় কৰাৰ পিছত জয়লাভ কৰি পুনৰ বিজেপিত যোগদান কৰাৰ দৰে পৰিস্থিতি সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিৰ সৃষ্টি হ’লে ৰাইজে পুনৰ নিৰ্বাচনত ভোটদান কৰিবলৈ বাধ্য হ’ব লাগিব বুলিও তেওঁ মন্তব্য কৰে।

নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ AIUDF আত্মবিশ্বাসী বুলি প্ৰকাশ কৰি ৰেজাউল কৰিম সৰকাৰে দলীয় প্ৰাৰ্থীৰ জয় নিশ্চিত বুলিও দাবী কৰে। তেওঁৰ এই মন্তব্যই আগন্তুক উপ-নিৰ্বাচনত AIUDF-কেন্দ্ৰিক ৰাজনৈতিক সমীকৰণক লৈ নতুন চৰ্চাৰ সৃষ্টি কৰিছে।

Related Articles