ধুমুহা-শিলাবৃষ্টিয়ে নিমিষতে তচনচ কৰিলে কামৰূপৰ নগৰবেৰাৰ এখন গাঁও। প্ৰায় ২০০ পৰিয়াল গৃহহাৰা। উপায়বিহীন গঞাই ৰাজপথলৈ ওলাই আহি সাহায্য বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। যোৱা ৰবিবাৰে নিশা প্ৰবল ধুমুহা শিলাবৃষ্টিয়ে বিধ্বস্ত কৰিলে নগৰবেৰাৰ মন্দিৰা এন.চি গাঁও৷ যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে গাঁৱখনৰ দুখীয়া পৰিয়ালসমূহ৷ কিয়নো ঘৰৰ টিনপাতসমূহ ফাটি চিৰাচিৰ হোৱাৰ ফলত মুকলি আকাশৰ তলতে কটাব লগা হৈছে নিশা৷ আনকি আশ্ৰয় ল’বলৈও গাঁৱখনত সুৰক্ষিত অৱস্থাত নৰ’ল এটাও বাসগৃহ৷ ইপিনে শিলাবৃষ্টিৰ ফলত বিঘাই বিঘাই নষ্ট হৈছে কষ্টৰে কৰা খেতিদৰাও৷ যেন চাৰিওফালৰ পৰা ৰুষ্ট প্ৰকৃতিয়ে সৰ্বস্বান্ত কৰিলে গাঁৱবাসীক। যাৰ পৰিপেক্ষিতত আজি শ শ পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহে আৰু ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে সাব্যস্ত কৰে প্ৰতিবাদ৷ দুখীয়া ৰাইজক সহায় কৰক, হিমন্ত মামা আমাক ৰক্ষা কৰক, ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য দিয়ক, আমাক টিনপাত লাগে আদি বিভিন্ন শ্ল’গানেৰে সহায়ৰ দাবী জনাই ভুক্তভোগী ৰাইজে। এতিয়া প্ৰশ্ন হয় এই প্ৰতিবাদে গা লৰাবনে ৰজাঘৰীয়াৰ? শুনিবনে দুখীয়া ৰাইজৰ এই কাতৰ অনুৰোধ, পাবলৈ সক্ষম হ’বনে চৰকাৰী সঁহাৰি? ক’বই লাগিব চৰকাৰৰ সুদৃষ্টি অবিহনে আজি গাঁৱবাসী নিঠৰুৱা৷ আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষলীয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ
- অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ
- কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী
- পাৰ্শ্বৱৰ্তী শ্ৰমিক ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰ…
- জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছা ! সাত দিনীয়া শোক দিৱস অগপৰ…
- গোগামুখত জননেতা ভীমবৰ দেউৰী ১২১ সংখ্যক জন্মজয়ন্তী উদযাপন ! দেউৰী জাতীয় পৰিষদে ভীমবৰক লৈ নিৰ্মাণ কৰিব চলচিত্ৰ…
- কাজিৰঙাত গঁড় হত্যা প্ৰতিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন উচ্চস্তৰীয় বৈঠক…
- মুকালমুৱাৰ কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…
- নাবালিকাক বাল্য বিবাহ কৰাই দিয়াৰ বাবে কাজী মুন্সী মুকবুল হুচেইনক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ