নলবাৰী সদৰ থানাৰ সম্মুখত সংঘটিত প্ৰতিবাদৰ ঘটনাক কেন্দ্ৰ কৰি আটক কৰা নলবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক কুমাৰ শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ সহ মুঠ ১১ গৰাকী কংগ্ৰেছ কৰ্মীক আজি পুৱা প্ৰায় ১১:৩০ বজাত জামিনত মুকলি কৰা হয়।
ইফালে কংগ্ৰেছ কৰ্মী পৰাগ চক্ৰৱৰ্তীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নলবাৰী সদৰ থানাতেই ৰখা হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে যোৱা কালি বিজেপিৰ কৰ্মীৰ সৈতে পৰাগ চক্ৰৱৰ্তীৰ হতাহতি হোৱাৰ অভিযোগ উত্থাপন হয়। ঘটনাৰ পিছতে পৰাগ চক্ৰৱৰ্তীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। কিন্তু এই ঘটনাক কেন্দ্ৰ কৰি বিজেপিৰ কৰ্মীসকলেও পৰাগ চক্ৰৱৰ্তীৰ বিৰুদ্ধে একেটা থানাত এখন এজাহাৰ দাখিল কৰে।
আনহাতে অভিযোগ অনুসাৰে বিজেপিৰ কৰ্মীসকলে পৰাগ চক্ৰৱৰ্তীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ পিছত নিশা নলবাৰী সদৰ থানাৰ সম্মুখত কংগ্ৰেছ নেতা অশোক কুমাৰ শৰ্মাৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।
প্ৰতিবাদী কাৰ্যসূচীৰ পাছতেই নলবাৰী সদৰ আৰক্ষীয়ে অশোক কুমাৰ শৰ্মা, দিব্যজ্যোতি হালৈ সহ মুঠ ১২ গৰাকী কংগ্ৰেছ কৰ্মীক আটক কৰে। পৰৱৰ্তী সময়ত তেওঁলোকৰ ভিতৰত ১১ গৰাকীক জামিনত মুকলি কৰা হয় যদিও পৰাগ চক্ৰৱৰ্তী এতিয়াও আৰক্ষীৰ হেফাজত আছে।
ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ নলবাৰী অঞ্চলত ৰাজনৈতিক উত্তেজনাৰ পৰিৱেশে সৃষ্টি হৈছে।

