Breaking

নাজিৰাৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু প্ৰচণ্ড শিল বৰষুণ

0 52

ৰাইজৰ বিস্তৰ ক্ষতি সাধন, প্ৰচণ্ড শিল বৰষুণৰ ফলত হাজাৰ হাজাৰ লোকৰ বাসগৃহৰ টিনপাত ফুটাক লৈ চাঞ্চল্য । নাজিৰাত প্ৰচণ্ড শিল বৰষুণ | আজি আবেলি পৰত পশ্চিম দিশৰ পৰা অহা এজাক কাল ধুমুহাই আতংকিত কৰি তুলিছে নাজিৰাবাসী ৰাইজক | নাজিৰা বিভিন্ন প্ৰান্তৰ লগতে অসম-নাগালেণ্ড সীমান্তৱৰ্তী সুন্দৰপুখুৰী, গেলেকী, বিহুবৰ, চণ্টকে ধৰি নামতি, মিছাজান, লিগিৰীপুখুৰী, মেকিপুৰ, হাতীপটি, বগিচাপৰি, বামুণপুখুৰী, লক্ষ্মীজান ইত্যাদি অঞ্চল সমূহত ধুমুহা বতাহৰ লগতে প্ৰচণ্ড শিল বৰষুণ হয় | প্ৰচণ্ড শিল বৰষুণৰ মাজতে গেলেকীৰ ভিন্ন প্ৰান্তত পৰিছে প্ৰকাণ্ড-প্ৰকাণ্ড শিল | ইতিমধ্যে ৰাজ্যজুৰি ধুমুহা-বৰষুণ অহাৰ সতৰ্কবাণী জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই | হঠাৎ হোৱা এই ধুমুহা আৰু প্ৰচণ্ড শিল-বৰষুণে নাজিৰা সমষ্টিবাসী ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰা বুলি জানিব পৰা গৈছে | বগা হৈ পৰিল নাজিৰাৰ পৰিৱেশ | শিল-বৰষুণৰ ফলত ফুটি গৈছে ঘৰৰ টিনপাত | এতিয়া ৰাইজে সংবাদ-মাধ্যমৰ জড়িয়তে স্থানীয় বিধায়ক, প্ৰশাসনৰ পৰা সহযোগিতা বিচাৰিছে |

Leave A Reply