খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত ভাৰতীয় জনতা পার্টি মহিলা মর্চা, অসম প্রদেশৰ আহ্বান মর্মে যোৱা ১৬-১৭ এপ্রিল তাৰিখে সংসদৰ বিশেষ অধিবেশনত দেশৰ আই-মাতৃ মহিলা শক্তিক ৩৩ শতাংশ আসন সংৰক্ষণৰ বাবে উত্থাপন কৰা “নাৰী শক্তি বন্দন অধিনিয়ম (সংশোধন) ২০২৬” ৰ বিধেয়কৰ বিৰোধীতা কৰি কংগ্ৰেছ তথা বিৰোধী দলসমূহে নাৰীৰ প্রতি যি চৰম অপমান আৰু অন্যায় কৰিলে তাৰ বিৰুদ্ধে সহস্রাধিক মহিলাই এক “আক্রোশ সমদল” কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ আৰু বিৰোধী দলসমূহৰ মহিলা বিৰোধী অৱস্থানৰ বাবে সকলো মহিলাই এই বিশাল প্রতিবাদী সমদলৰ দ্বাৰা বিৰোধী দলসমূহ, বিশেষভাবে কংগ্রেছ পাটিক তীব্র ভাষাৰে গৰিহণা জনায়।
এই সমদলত উপস্থিত থাকি ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মহিলাসকলক উদ্দেশ্যি কয় যে কংগ্ৰেছে দেশৰ স্বাধীনতাৰ পিছৰে পৰা দীর্ঘ সময় দেশত শাসন কৰিও কেতিয়াও মহিলা সকলৰ ৰাজনৈতিক অধিকাৰৰ বাবে একো বিশেষ পদক্ষেপ লোৱা দেখা নগ’ল। সভাপতি গৰাকীয়ে আশ্বস্ত কৰে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত শীঘেই মহিলাৰ বাবে লোকসভা আৰু বিধানসভা সমূহত ৩৩ শতাংশ আসন সংৰক্ষণ কৰা হ’ব। লগতে শ্রীশইকীয়াই তেখেতৰ ভাষণত কংগ্ৰেছ আৰু বিৰোধী দলসমূহে কেৱল নিজৰ পৰিয়ালৰ মহিলাসকলকহে আগস্থান দিয়াৰ চেষ্টা কৰি আহিছে বুলিও মন্তব্য কৰে। সভাত উপস্থিত হৈ প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা গুৱাহাটীৰ প্রাক্তন সাংসদ পদ্মশ্রী বিজয়া চক্রৱর্তীয়েও বিৰোধী দলসমূহক সমালোচনাৰে থকাসৰকা কবি মহিলাসকলে নিজৰ অধিকাৰ পাবই লাগিব বুলি মন্তব্য কৰে। লগতে ড০ ভূপেন হাজৰিকাৰ “আহ আহ ওলাই আহ” গীতটি মঞ্চৰ পৰা নিজেই পৰিৱেশন কৰি উপস্থিত থকা সহস্রাধিক মহিলাক উৎসাহ যোগায়। এই সভাত উপস্থিত হৈ ভাৰতীয় জনতা পার্টি মহিলা মর্চা অসম প্রদেশৰ সভানেত্রী নীলিমা দেৱীয়েও কংগ্ৰেছৰ মহিলা বিৰোধী অৱস্থানৰ বাবে তীব্র ভাষাৰে সমালোচনা কৰে। আজিৰ এই প্ৰতিবাদী কার্যসূচীত উপস্থিত থাকে এনডিএ মিত্রদলৰ পৰা অসম গণ পৰিষদক প্রতিনিধিত্ব কৰি অসম মহিলা পৰিষদৰ ৰাজ্যিক সভানেত্রী পূৰৱী তালুকদাৰ, বিপিএফ দলক প্রতিনিধিত্ব কৰি বিটিচিৰ ইএম বেগম আখতাবা আহমেদ, ৰাভা হাচং যৌথ মঞ্চৰ সম্পাদিকা সীতা ৰাভা আৰু বাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ ইএম জোনালী ৰাভা। অসমৰ যশস্বী গায়িকা শান্তা উজিৰ, মালবিকা বৰা, সন্ধ্যা মেননেও এই সমদলত অংশগ্রহণ কৰে।
উল্লেখযোগ্য যে এই সমদলে নাৰী শক্তিৰ প্ৰাপ্য অধিকাৰ আৰু নাৰী শক্তিয়ে পাব লগা সম-মৰ্য্যাদাৰ হকে গণতান্ত্রিক প্রক্রিয়াত নাৰীৰ অংশীদাৰিত্বৰ পক্ষত ব্যাপক জনমত সৃষ্টি কৰিছে। ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ আই-মাতৃ নাৰী শক্তিলৈ দয়া নহয়, অনুকম্পা নহয় এয়া নাৰী শক্তিয়ে পাব লগা অধিকাৰৰ অংশবিশেষ বুলি দলটোরে সংবাদ মাধ্যমৰ আগত বর্ণনা কৰে। কংগ্রেছ সহ ইন্ডি এলায়েঞ্চে যিদৰে “নাৰী শক্তি বন্দন অধিনিয়ম (সংশোধন) ২০২৬”ৰ বিৰোধ কৰি মহিলা শক্তিক ৰাজনৈতিক উত্তৰণত বাধা আৰোপ কৰাৰ লগতে অপমানিত কৰা কাৰ্য কৰিলে দেশৰ মহিলা শক্তিয়ে কেতিয়াও নাপাহৰে বুলি দলটোৱে প্রকাশ কৰে। মহিলা বিৰোধী কংগ্ৰেছৰ এই নেতিবাচক চিন্তাই দেশৰ বিকাশ প্রক্রিয়াতো বাধাৰ প্ৰাচীৰ হিচাপেও পৰিগণিত হোৱা পৰিলক্ষিত হৈছে।

