গুৱাহাটী – সমগ্র ৰাজ্যৰ লগতে গুৱাহাটীৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান নিউ আর্ট প্লেয়াৰ্ছে ২০ জুন, ২০২৫ তাৰিখে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিবস উপলক্ষে এই মহান শিল্পীগৰাকীক বিশেষভাবে শ্রদ্ধাঞ্জলি জনোৱা হয়। সন্ধিয়া ৬-০০ বজাৰ পৰা সংঘৰ নবনির্মীত প্রেক্ষাগৃহত আয়োজন কৰা আনুষ্ঠানিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁত ধৰে সংঘৰ উপসভানেত্ৰী মল্লিকা বৰুৱাই৷ সংঘৰ সভাপতি অজয় দত্তই বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আৰু অনুষ্ঠানত উপস্থিত সংঘৰ আন সদস্য সকলৰ লগতে অন্যান্য শিল্পী সকলেও পুষ্পাৰ্ঘৰে শিল্পী গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ এন অনুষ্ঠানতেই জবা চক্ৰৱৰ্তীয়ে মঙ্গলাচৰণ পৰিবেশন কৰে আৰু প্ৰেক্ষাগৃহত উপস্থিত সকলোৱে বিষ্ণু প্ৰসাদ ৰাভা আৰু পুৰুষোত্তম দাসৰ আত্মাৰ সদগতিৰ অৰ্থে মৌন প্ৰাৰ্থনা জনায়৷ ইয়াৰ পিচতেই সভাপতি গৰাকীয়ে অভ্যাগত সকলক আদৰণি জনায় আৰু চমু ভাষণৰে গণ শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

পৰবৰ্তী কাৰ্যসূচীত সংঘৰ পৰম্পৰা অনুসৰি বিভিন্ন পৰীক্ষাত এই বছৰত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সংঘৰ সদস্য সকলৰ চাৰিগৰাকী সন্তানক সম্বৰ্দ্ধিত কৰা হয়৷ লগতে সাংস্কৃতিক অনুষ্ঠানৰ তিনিগৰাকী অতিথি শিল্পী ক্ৰমে পুলক বেনাৰ্জী, ৰুবী সিংহ আৰু অবনী বৰাকো সংঘৰ তৰফৰ পৰা বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে৷
ইয়াৰ পিচৰ অনুষ্ঠানত কলাগুৰু ৰাভাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ৰাভাদেৱৰ গীত আৰু কবিতাৰ আধাৰত ড°মাধুৰীমা বৰুৱা ৰচিত “চিফুং বাঁহীৰ কৰুণ সুৰ” শীৰ্ষক এখনি সঙ্গীতালেক্ষ্য পৰিবেশন কৰা হয়৷ সংঘৰ জ্যেষ্ঠ সদস্য, বিশিষ্ট সুৰকাৰ – পৰিচালক অনুপম চৌধুৰীৰ পৰিকল্পনা আৰু পৰিচালনাত পৰিবেশন কৰা সঙ্গীতালেক্ষ্যৰ কথাংশত অংশগ্ৰহণ কৰে নয়ন প্ৰসাদ আৰু মেলডী পাটগিৰীয়ে৷ গীত সমূহত কণ্ঠদান কৰে ক্ৰমে পুলক বেনাৰ্জী, ৰুবী সিংহ, ৰুবুল কলিতা, স্পন্দন চক্ৰৱৰ্তী, চেমীমা খাতুন, সুনয়না গোস্বামী শৰ্মা, অনুপমা শৰ্মা, ড°মল্লিকা শইকীয়া বৰুৱা, মঞ্জুৰীমা শইকীয়া আৰু নিৰদা চক্ৰৱৰ্তীয়ে৷ আবৃত্তিত অংশগ্ৰহণ কৰে অবনী বৰা আৰু কৃতাঞ্জলি দত্তই৷ বাদ্যসঙ্গীতত সহযোগ কৰে ৰাজকুমাৰ ৰবি দাস (তবলা), ভাবিৰাম বড়ো (কিবোৰ্ড), দীপ ৰাজবংশী (গীতাৰ) আৰু হীৰেন দাস (পেড)৷ নবীন-প্ৰবীন শিল্পীৰ সমাৰোহত পৰিবেশন কৰা এই সঙ্গীতালেক্ষ্যখনি উপস্থিত দৰ্শকে উপভোগ কৰি ভূয়সী প্ৰশংসা কৰে৷ শেষত জাতীয় সঙ্গীতৰে অনুষ্ঠানৰ সামৰণি পৰে৷