নিৰ্বাচনত পৰাজিত হোৱাৰ শতক কৰিব ৰাহুল গান্ধীয়ে : মন্ত্ৰী কৃষ্ণেন্দু পাল

নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী কৃষ্ণেন্দু পালে কয়, “৯৫ টা নিৰ্বাচনত এতিয়ালৈকে ৰাহুল গান্ধীয়ে হাৰিছে, আৰু পাঁচটালৈ অপেক্ষা কৰি আছে । অহা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৯৫ খনতকৈ অধিক আসন ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটে লাভ কৰিব । ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ দায়িত্ব ল’ব ।”

আনহাতে, ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণ সন্দৰ্ভতো মন্তব্য কৰি মন্ত্ৰী কৃষ্ণেন্দু পালে কয়, “বাংলাদেশী মানুহৰ নাম ইয়াত ভোটাৰ তালিকাত থকাৰ কথা নাই । বহিঃৰাজ্যৰ পৰা অহা ভোটাৰৰ নাম তাতো আছে ইয়াতো থাকিব, এইটো হ’ব নোৱাৰে । মৃত্যু হোৱা ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন হ’ব । কংগ্ৰেছে বিচাৰে বাংলাদেশৰ মানুহ আহি তেওঁলোকৰ চৰকাৰ বনাই দিয়ক । কিন্তু অসম তথা ভাৰতত আগন্তুক এশ বছৰলৈ বিজেপিৰ চৰকাৰ থাকিব । লিখি ৰাখক ।”

কংগ্ৰেছৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, “কংগ্ৰেছ এতিয়া আৰু নাই । বিহাৰত এগজিট প’লত দেখুওৱাতকৈ ভাল ফলাফল ৰাইজে দেখুৱালে । ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে । অসমৰ ৰাইজে বিচৰা শান্তি আৰু উন্নতি কেৱল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইহে দিব ।”

ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মীয়মাণ বটদ্ৰৱা প্ৰকল্পৰ কামৰ শুভ উদ্বোধন কৰিবলৈ অহা ২১-২২ তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আহিব বুলিও উল্লেখ কৰে মন্ত্ৰী কৃষ্ণেন্দু পালে ।

উল্লেখ্য যে, শুকুৰবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে হোৱা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি প্ৰতিটো বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে । পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ।

Related Articles