নিৰ্বাচনী তৎপৰতাৰ মাজতে চাহ শ্ৰমিকলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, এককালীন ৫ হাজাৰ টকা সাহায্য ।

অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থাকোঁতেই ৰাজ্যত তীব্ৰ হৈছে নিৰ্বাচনী তৎপৰতা। এনে পৰিস্থিতিৰ মাজতে চাহ শ্ৰমিকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

অসম চাহ উদ্যোগৰ ২০০ বছৰীয়া ঐতিহ্যৰ প্ৰতি সন্মান জনাই ৰাজ্য চৰকাৰৰ উদ্যোগত ‘এটি কলি দুটি পাত’ শীৰ্ষক বিশেষ কাৰ্যসূচীৰ অধীনত চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকললৈ এককালীন ৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

ছ’চিয়েল মিডিয়াযোগে এই ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, অসম চাহৰ ২০০ বছৰীয়া ঐতিহ্য সংৰক্ষণ আৰু চাহ জনগোষ্ঠীৰ অৱদানক স্বীকৃতি জনোৱাৰ লক্ষ্যৰে চৰকাৰে ইতিমধ্যে কেইবাটাও ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। সেই প্ৰচেষ্টাক আৰু এখোজ আগুৱাই নিবলৈ এইবাৰ চাহ বাগিচাৰ সকলো শ্ৰমিক-কৰ্মচাৰীলৈ ৫ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব।

মুখ্যমন্ত্ৰীয়ে লিখিছে,
“অসম চাহৰ ২০০ বছৰীয়া ঐতিহ্যৰ প্ৰতি সন্মান যাচি আমাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সেই প্ৰয়াসৰ অংশ হিচাপে ‘এটি কলি দুটি পাত’ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে চাহ বাগিচাৰ সকলো শ্ৰমিক-কৰ্মচাৰীলৈ ৫,০০০ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব।”

এই ঘোষণাৰ ফলত সমগ্ৰ ৰাজ্যৰ হাজাৰ হাজাৰ চাহ বাগিচাৰ শ্ৰমিক উপকৃত হ’ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ মতে, এই আঁচনিৰ জৰিয়তে ৬ লাখৰো অধিক চাহ শ্ৰমিক লাভান্বিত হ’ব। ইয়াৰ লগতে চাহ জনগোষ্ঠীৰ অৰ্থনৈতিক সকাহৰ লগতে অসমৰ অৰ্থনীতি আৰু সাংস্কৃতিক পৰিচয়লৈ তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদানকো স্বীকৃতি দিয়া হ’ব।

শীঘ্ৰেই এই সন্দৰ্ভত চাহ জনগোষ্ঠীৰ ৰাইজক বিতং তথ্য জনোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। নিৰ্বাচনৰ পূৰ্বে এই ঘোষণা বিশেষ তাৎপৰ্যপূৰ্ণ বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।

Related Articles