Breaking

নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী

0 70

খানাপাৰাস্থিত কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সমুখৰ ৰাষ্ট্রীয় ঘাইপথত এক বৃক্ষৰোপন কাৰ্য্যসূচী ৰূপায়ন কৰে স্বেচ্চাসেৱী সংগঠন নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিয়ে ।

স্বেচ্চাসেৱী সংগঠন নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিয়ে খানাপাৰাৰ পৰা জালুকবাৰীলৈকে ৰাষ্ট্রীয় ঘাইপথচোৱাক “সেউজ ক’ৰিডৰ” হিচাপে প্ৰতিস্থা কৰাৰ বাবে এক অভিযানৰ প্ৰস্তুতি কৰিছে আৰু আজিৰ এই বৃক্ষৰোপন কাৰ্যসূচীৰে ইয়াৰ শুভাৰম্ভনি কৰে ।

স্থানিয় ৪৪ নং ৱাৰ্ডৰ পাৰিষদ শ্ৰী সত্যেন্দ্ৰনাথ ভট্টই এটা গছপুলি ৰোপণেৰে এই শুভকাৰ্য্যৰ আৰম্ভণি কৰে আৰু বৃক্ষৰোপনৰ প্ৰয়োজনীয়তাৰ ওপৰত দুআষাৰ বক্তব্য ৰাখে। উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগ, অসমৰ প্ৰাক্তন সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰাই এই কাৰ্য্যৰ বাবে সংগঠনটোক প্ৰসংশা কৰাৰ লগতে ইয়াৰ প্ৰতিপালনৰ বাবে লবলগীয়া বিভিন্ন ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰে। পি আৰ এন্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিস্থানৰ গৰাকী ৰঞ্জিত আগৰৱাল আৰু স্থানীয় যুৱ ব্যৱসায়ী দিগন্ত বৰ্মনে গছপুলি কেইটা প্ৰতিপালন আৰু সংৰক্ষণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে দায়িত্ব লয় আৰু আগলৈকো নীডচৰ এনে কাৰ্য্যসূচীবোৰত অন্তৰ্ভূক্ত হ’বৰ বাবে ইচ্ছুক বুলি জানিবলৈ দিয়ে।


সমাজকৰ্মী শ্ৰী হৰি প্ৰসাদ শৰ্মাই আজিৰ অনুস্থানৰ বাবে গছপুলি প্ৰদান কৰাৰ লগতে আগলৈকো এনেকৈ সহায় আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি দিয়ে। সংঠনটোৰ পৰা জানিবলৈ দিয়া মতে ইতিমধ্যে তেওঁলোকে ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ বিভাগক ঘাইপথৰ কাষত বৃক্ষৰোপনৰ বাবে সুবিধাজনক স্থান চিহ্নিত কৰি দিবৰ বাবে আৰু লগতে জীৱিত গছৰ গাত মেৰিয়াই বা ওলোমাই ৰখা বিভিন্ন তাঁ‌ৰ,ফলক,গজাল ইত্যাদিবোৰ আঁ‌তৰাই নিয়াৰ বাবে ব্যৱস্থা লবলৈয়ো আবেদন জনাইছে। লগতে অন্যান্য সংশ্লিষ্ট বিভাগসমুহকো সমগ্ৰ বিষয়সমূহ অৱগত কৰাৰ লগতে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰপত্ৰ প্ৰেৰণ কৰা হৈছে।

Leave A Reply