
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ৰ বাবে তেওঁ বিৰোধী আৰু চছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হ’বলগীয়া হৈছে। এই ভিডিঅ’টোক কেন্দ্ৰ কৰি বিৰোধীয়ে অভিযোগ কৰি কয় যে গাডকাৰীয়ে যৌতুক ব্যৱস্থাক উৎসাহ প্ৰদান কৰিছে। এই ভিডিঅ’টোক লৈ এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
6 एयरबैग वाले गाड़ी से सफर कर जिंदगी को सुरक्षित बनाएं।#राष्ट्रीय_सड़क_सुरक्षा_2022#National_Road_Safety_2022 @akshaykumar pic.twitter.com/5DAuahVIxE
— Nitin Gadkari (@nitin_gadkari) September 9, 2022
জানিব পৰা মতে, এই ভিডিঅ’টো গাড়ীত ৬ টা এয়াৰবেগ ব্যৱহাৰৰ ওপৰত আধাৰিত আছিল। ভিডিঅ’টোত কইনাৰ বিদায়ৰ সকলোৱে কান্দি থকাৰ দৃশ্যৰ সময়ত অক্ষয় কুমাৰ আহি কইনাৰ পিতৃক কয় যে যদি ছোৱালীজনীক এনে গাড়ীত পঠিয়ায়, তেন্তে কান্দোন আহিব। ইয়াৰ পাছতেই তেওঁ গাড়ীখনৰ ৬ টা এয়াৰবেগৰ বিষয়ে সোধে আৰু পিতৃক জী আৰু জোৱাইৰ সুৰক্ষাক লৈ সতৰ্ক কৰে। ইয়াৰ পাছতেই গাড়ীখন সলনি কৰা হয়।
ভিডিঅ’টোৰ বাবে কেৱল গাডকাৰীয়েই নহয় বৰঞ্চ বলীউড অভিনেতা অক্ষয় কুমাৰো ৰাজনীতিবিদ আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ লক্ষ্য হৈ পৰিছে। এই ভিডিঅ’টোৰ সন্দৰ্ভত চছিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কোৱা অনুসৰি এই ভিডিঅ’টোৰ পৰা যৌতুক প্ৰথাক প্ৰচাৰ কৰা হৈছে আৰু যৌতুক লোৱা বা দিয়াটো ভাৰতত এক শাস্তিযোগ্য অপৰাধ। আচলতে, এই ভিডিঅ’টোত অক্ষয় কুমাৰে কয়, ‘যদি আপুনি ছোৱালীজনীক এনে গাড়ীত বিদায় দিয়ে, তেন্তে কান্দি উঠিব।’ ভিডিঅ’টোৰ শেষত, গাড়ীখন সলনি কৰা হয়।শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়, ‘এইটো এটা সমস্যাজনক বিজ্ঞাপন। এনে সৃষ্টিশীলতা কোনে অনুমোদন দিয়ে? চৰকাৰে এই বিজ্ঞাপনৰ জৰিয়তে নিৰাপত্তাৰ প্ৰচাৰৰ বাবে ধন খৰচ কৰিছে নে যৌতুকৰ প্ৰচাৰ কৰিছে?’ তেওঁ সোধে।

